মাওবাদীৰে হোৱা সংঘৰ্ষৰ ফলত মৃত্যু হোৱা শিৱসাগৰৰ বীৰ শ্বহীদ বিপুল বৰাৰ ঘৰত মুখ্যমন্ত্ৰী

sibsagar

শিৱসাগৰঃ

 যোৱা ৪ এপ্ৰিলত ছত্তীশগড়ৰ কানকেৰ জিলাত মাওবাদীৰে হোৱা সংঘৰ্ষত মৃত্যুবৰণ কৰা সীমান্ত সুৰক্ষা বাহিনীৰ সহকাৰী উপ- পৰিদৰ্শক বীৰ জোৱান বিপুল বৰাৰ শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ ধনেখোৱা গাঁৱৰ বাসগৃহত শনিবাৰে উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। বীৰ শ্বহীদ গৰাকীৰ ঘৰত উপস্থিত হৈ শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত মান্যাৰ্পণৰে শ্ৰদ্ধাঞ্জলি জনায়।

শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সমবেত ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, আজি সমগ্ৰ ৰাজ্য বীৰ শ্বহীদ গৰাকীৰ দেশ প্ৰেম আৰু সাহসত গৌৰাৱাম্বিত। নৱ প্ৰজন্মই তেওঁৰ দেশ প্ৰেম আৰু আদৰ্শৰে অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত অনুপ্ৰেৰণা লাভ কৰিব। বীৰ শ্বহীদ গৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে নৱ প্ৰজন্মই এইগৰাকী সাহসী বীৰৰ ত্যাগৰ আদৰ্শৰে ৰাষ্ট্ৰলৈ অৰ্থৱহ অৰিহনা আগবঢ়োৱাৰ দিশটো অনুপ্ৰেৰণা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।sib

এইগৰাকী সাহসী বীৰ জোৱানৰ ত্যাগ অথলে নাযায় বুলি উল্লেখ কৰি আজি সমগ্ৰ দেশৰ জনগনে বীৰ গৰাকীৰ দেশপ্ৰেমৰ আদৰ্শৰে ৰাষ্ট্ৰখনৰ উন্নয়ণ, সুৰক্ষাৰ দিশত দায়বদ্ধতাৰে উদ্বুদ্ধ হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে বীৰ শ্বহীদ গৰাকীৰ পত্নী আৰু পুত্ৰ কন্যাৰ লগত মতবিনিময় কৰাৰ লগতে পত্নীৰ হাতত ২০ লাখ আৰ্থিক সাহায্যৰে  চেক প্ৰদান কৰে। 

মুখ্যমন্ত্ৰীৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা,  শক্তিমন্ত্ৰী তপন কুমাৰ গগৈ,  বিধায়ক প্ৰদীপ হাজৰিকা, কুশল দুৱৰীকে ধৰি ভালেকেইগৰাকী ব্যক্তি উপস্থিত থাকে।

Your Comments