নলবাৰীৰ  নিজ  বাঁহজানীত বাঘৰ বিচৰণ: আতংকিত ৰাইজ

নলবাৰীৰ পৰা হেমন্ত কলিতা


নলবাৰী জিলাৰ নিজ বাঁহজানীত এটা বাঘৰ মুক্ত বিচৰণৰ ঘটনাই সম্প্ৰতি সমগ্ৰ  অঞ্চলটোত  আতংকৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে শুকুৰবাৰে পুৱাৰ ভাগত অসমৰ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত তথা নামনি অসমৰ প্ৰাক্তন আয়ুক্ত চন্দ্ৰ কুমাৰ শৰ্মাৰ নিজ বাঁহজানীস্থিত গৃহৰ ৰখীয়া হিচাপে থকা বৈকুণ্ঠ ৰাজবংশীয়ে তেওঁলোকৰ বাৰীত থকা পুখুৰীত মাছ মাৰি থাকোতে পুখুৰীৰ পাৰত গোজৰনি শুনিবলৈ পায় আৰু পিছত পুখুৰীৰ পাৰত বাঘ এটা শুই থকা প্ৰত্যক্ষ কৰে৷লগে লগে ভয়ত তৎজ্ঞান হেৰুৱাই তেওঁ  চুবুৰীয়া এঘৰলৈ দৌৰি তেওঁলোকক বাঘৰ অৱস্থিতিৰ কথা অৱগত কৰাত  হুৱাদুৱা লাগে৷পিছত ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে উক্ত স্থান লোকাৰণ্য হৈ পৰে যদিও সেই মুহূৰ্তলৈ বাঘটো ডাঠ হাবিত সোমাই পৰে৷


আনহাতে,প্ৰায় চাৰিদিনমান পূৰ্বে  ওচৰৰে এঘৰ মানুহে পুৱা চোতালত কোনো অচিন জন্তুৰ খোজৰ চিন প্ৰত্যক্ষ কৰিছিল যদিও তেতিয়ালৈ কোনো সন্দেহ কৰা নাছিল।অৱশ্যে শুকুৰবাৰে বাঘটো দেখাৰ পিছত সেয়া বাঘৰ খোজৰ চিন বুলি নিশ্চিত হৈছে ৰাইজ৷ 


ইফালে  বাঘটো দেখাৰ পিছতে স্থানীয় ৰাইজে নলবাৰী বনবিভাগক উক্ত স্থানত বাঘৰ অৱস্থিতিৰ কথা জনোৱাত ঘটনাস্থলীত বন বিভাগৰ এটা দল উপস্থিত হৈ পৰিস্থিতি অধ্যয়ন কৰে। কেইদিনমান পূৰ্বে দেখা খোজৰ ছবি চাই সেয়া বাঘৰ খোজৰ চিন বুলি চিনাক্ত কৰি বাঘৰ অৱস্থিতিৰ কথা ৰাইজক জানিবলৈ দিয়ে।কিন্তু প্ৰতিকূল বতৰৰ বাবে বন বিভাগৰ দলটোৱ জংঘলৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰিলে৷আনহাতে, বন বিভাগৰ লোকে ঘটনাৰ বুজ লোৱাৰ পিছত  উক্ত স্থানত বাঘৰ উপস্থিতি সন্দৰ্ভত গুৱাহাটীত থকা বন বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষক জনায়।গুৱাহাটীৰ কৰ্তৃপক্ষই বন বিভাগৰ দলটোক বাঘৰ উপস্থিতি নিশ্চিত কৰিবলৈ কয়।


জনবসতিপূৰ্ণ  অঞ্চলটোত এনেদৰে বাঘৰ মুক্ত বিচৰণৰ ঘটনা পোহৰলৈ অহাৰ পিছত এতিয়া স্থানীয়  ৰাইজ সন্ত্ৰাসিত হৈ পৰিছে। লগতে বাঁহজানী মজলীয়া বিদ্যালয় আৰু জাতীয় বিদ্যালয় বাঁহজানীৰ ছাত্ৰ- ছাত্ৰীসকল আৰু অভিভাৱকসকল আতংকিত হৈ পৰিছে৷ সম্প্ৰতি বন বিভাগৰ লোকে অঞ্চলবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে৷

Your Comments