সৰুপথাৰত এনআৰচি কেন্দ্ৰত নথি শুদ্ধ কৰাৰ নামত ধনৰ বেহা: গ্ৰেপ্তাৰ ৩ কৰ্মচাৰী

sarupathar

সৰুপথাৰৰ পৰা নবীন বৰা

সৰুপথাৰত এন আৰ চিৰ শুনানি কেন্দ্ৰত নথিপত্ৰ শুদ্ধ কৰি দিয়াৰ নামত ধন লোৱাৰ অভিযোগ কেন্দ্ৰত নিয়োজিত তিনি কৰ্মচাৰীৰ বিৰুদ্ধে। এনআৰচিৰ শুদ্ধ কৰি দিয়াৰ নামত একৰ পৰা দহ হাজাৰ পৰ্যন্ত ধন দাবী কৰিছিল কৰ্মচাৰীকেইজনে।


ভুক্তভোগী ৰাইজৰ অভিযোগৰ ভিত্তিত তিনিজন কৰ্মচাৰীক বৃহস্পতিবাৰে সৰুপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে।গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীকেইজন ক্ৰমে বিষ্ণু শইকীয়া,শুভজ্যোতি ৰাজবংশী আৰু অনুপ ঠাকুৰ।অভিযোগ অনুসৰি সৰুপথাৰৰ চকলি মিছিং গাঁৱৰ মেঘৰাজ সোনাৰ নামৰ যুৱকজনৰ লগতে নগাঁও ধিং কান্ধুলিমাৰি গাঁৱৰ জামিনা খাতুন নামৰ মহিলাৰ পৰিয়াল আৰু অন্যান্য লোকৰ নথিপত্ৰ শুদ্ধ কৰি দিয়াৰ নামত এনআৰচি শুনানি কেন্দ্ৰৰ কৰ্মচাৰীকেইজনে ধন দাবী কৰিছিল।

Your Comments