বঙাইগাঁওঃ ২ মেঃ
বি টি এ ডি এলেকাৰ জনজাতীয় বেল্ট আৰু ব্লকৰ ৪,৫০,৭০০ বিঘা ভূমি অজনজাতীয় লোকে বেদখল কৰা বুলি নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেচন নামৰ এক বেচৰকাৰী সংগঠনে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনোৱা বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিচতে বিষয়টোকলৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই সম্পৰ্কত এক প্ৰেছ বিবৃতিত আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনে কয় যে জনজাতি এলেকাত ছয়টা জনগোষ্ঠীয়ে সংবিধানৰ অনুচ্ছেদ ১৬০ মতে বসবাস কৰাৰ অধিকাৰ পাইছে ৷ সেই জনগোষ্ঠীকেইটা হ'ল ভৈয়ামৰ জনজাতি ,পাহাৰৰ জনজাতি, চাহ জনজাতি, চাওতাল, অনুসূচীত জাতি আৰু পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী জনগোষ্ঠী ৷
সংবিধানে চাহ জনজাতি, চাওতাল অনুসূচীত জাতি আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি বেল্ট আৰু ব্লকত বসবাস কৰাৰ অনুমতি প্ৰদান কৰাৰ পিচত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভূমি বেদখল কৰাৰ প্ৰশ্নই নুঠে ৷ সংগঠনটোৰ উপদেষ্টাগৰাকীয়ে বিবৃতিটোত লগতে কয় যে সমগ্ৰ বিটিচি অঞ্চলটোয়ে হ'ল এসময়ৰ কোচ ৰাজ্যৰ ভূখণ্ড ৷ বিটিচি অঞ্চলৰ ভূমি কোচ ৰাজবংশীসকলৰহে ভূমি ৷ ইয়াৰে পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলাৰ পৰা চৰকাৰে Assam State Acquisition of Zamindaries abolition Act,1951 ৰ জৰিয়তে কোচ ৰাজতন্ত্ৰ বিলুপ্ত কৰে ৷ এই আইন ১৯৫৬ চনৰ ১৬ এপ্ৰিলত কাৰ্যকৰী হয় ৷
গতিকে ইয়ে প্ৰমাণ কৰে যে কোচ ৰাজবংশীসকলে কাৰো ভূমি বেদখল কৰা নাই ৷ বৰঞ্চ কোচ ৰাজবংশীৰ কমতাপুৰ ৰাজ্য অসম তথা ভাৰত চৰকাৰে ঘুৰাই দিয়াৰ ব্যৱস্থা কৰক বুলিহে দাবী জনায় ৷ প্ৰেছ বিবৃতিটোত আক্ৰাছুক উপদেষ্টা হিতেশ্বৰ বৰ্মনে এই দাবী কৰি স্পষ্ট কৰি দিয়ে যে ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ এজনো ব্যক্তি যদি নিজৰ ভূমিতেই অত্যাচাৰৰ সন্মুখীন হ'ব লগা হয়, তেন্তে ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব ৷ লগতে সংশ্লিষ্ট সকলো পক্ষকে কোচ ৰাজবংশীৰ বিৰুদ্ধে পৰিকল্পিত ষড়যন্ত্ৰ বন্ধ কৰিবলৈ কঠোৰ সকিয়নী প্ৰদান কৰে ৷
উল্লেখ্য যে বি টি এ ডি এলেকাৰ জনজাতীয় বেল্ট আৰু ব্লকৰ ৪,৫০,৭০০ বিঘা ভূমি অজনজাতীয় লোকে বেদখল কৰা বুলি অভিযোগ তুলি নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেচন নামৰ এক বেচৰকাৰী সংগঠনে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল আৰু এই আবেদন সন্দৰ্ভত ন্যায়ালয়ে ইতিমধ্যে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰা বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিচতে এতিয়া বিষয়টোকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
- Log in to post comments
- 13 views