নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
আজি ১ মে' । বিশ্বৰ শ্ৰমজীৱি জনতাৰ বাবে আজি এক গুৰুত্বপূৰ্ণ দিন । ১৮৯০ চনৰ ১ মে'ৰ পৰা শ্ৰমিকসকলে "আন্তৰ্জাতিক শ্ৰমিক দিৱস" উদযাপন কৰি আহিছে । শ্ৰমিক শ্ৰেণীৰ ওপৰত মালিকসকলৰ শোষণৰ বিৰুদ্ধে ৮ ঘন্টা শ্ৰমৰ সময় নিৰ্ধাৰণৰ দাবীত আমেৰিকাৰ চিকাগো চহৰত হোৱা শ্ৰমিকসকলৰ সফল আন্দোলনৰ ইতিহাসেই হৈছে মে' দিৱসৰ ইতিহাস ।
এই মে' দিৱসে আজি ১২৯ বছৰ অতিক্ৰম কৰিলে । কিন্ত্ত পৰিতাপৰ বিষয় এই যে ১২৯ বছৰ অতিক্ৰম কৰাৰ পাছতো ৰাজ্যখনৰ চাহ শ্ৰমিকসকলে প্ৰাপ্য মজুৰিৰ পৰা আজিও বঞ্চিত হ'বলগীয়া হৈ অহাৰ অভিযোগ সময়ে সময়ে উত্থাপিত কৰি আহিবলগীয়া হৈছে। শ্ৰমিক দিৱসৰ এই ক্ষণতে ৰাজ্যখনত কৰ্মৰত লাখ লাখ চাহ শ্ৰমিকক নিত্য নতুন কৌশলেৰে পুঁজিপতি মালিক সকলে শোষণ আৰু বঞ্চনা কৰি অহা বুলি অভিযোগ তুলিছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই ।
বৰ্তমান সময়ত চাহ কোম্পানীয়ে চাহ শ্ৰমিকক শোষণ-বঞ্চনাৰে ঔপনিবেশিক পৰম্পৰা অব্যাহত ৰখা বুলি মে' দিৱসত সংঘই অভিযোগ কৰিছে । তদুপৰি ৰাজ্যখনৰ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১টকালৈ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আজি পৰ্য্যন্ত পৰিবৰ্তনকামী চৰকাৰখনে গুৰুত্ব প্ৰদান নকৰাত ক্ষোভো প্ৰকাশ কৰিছে। ২০১৮ বৰ্ষৰ ৭ মাৰ্চত ৰাজ্য চৰকাৰৰ মজুৰি উপদেষ্টা সমিতিয়ে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকা ধাৰ্য্য কৰিছিল । এই ঘোষণাকে সৰোগত কৰি ৰাজ্যত থকা লাখ লাখ চাহ শ্ৰমিক ৰাইজে এই সিদ্ধান্ত কাৰ্যকৰী হোৱালৈ গভীৰ আশাৰে বাট চাই ৰৈছিল ।
এক তথ্যমতে এগৰাকী চাহ শ্ৰমিকে দৈনিক ৩৫১ টকাকৈ বছৰত ১০ লাখ ৯হাজাৰ ৮৬৩ টকা মালিক গোষ্ঠীৰ পৰা লাভ কৰিব লাগিছিল যদিও তাৰ বিপৰীতে বছৰত শ্ৰমিকসকলে মাত্ৰ ৫২ হাজাৰ ২৭১টকাহে লাভ কৰি আহিছে ।ইফালে ৰাজ্য চৰকাৰে ২০১৮ চনৰ ১জানুৱাৰীৰ পৰা চাহ শ্ৰমিকক ৩০ টকাকৈ অন্তৱৰ্তীকালীন মজুৰি দিয়াৰ কথা ঘোষণা কৰিছিল । কিন্ত্ত শ্ৰম বিভাগে দুমাহৰ বকেয়া কৰ্তন কৰাৰ পৰিপ্ৰেক্ষিত এগৰাকী শ্ৰমিকে প্ৰায় চাৰি হেজাৰ টকাকৈ প্ৰাপ্যৰ পৰা বঞ্চিত হ'বলগীয়া হয় ।
পৰিতাপৰ কথা এয়ে যে চাহ শ্ৰমিকে আজিও পাঁচ মাহৰ বকেয়া লাভ নকৰিলে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে দৰিদ্ৰ ৰাইজক কোঙা কৰি পেলোৱাৰ সময়তে ৰাজ্যখনৰ চাহ শ্ৰমিকসকলে ৩৫১ টকাৰ বিপৰীতে মাত্ৰ ১৩৭ টকা মজুৰিৰে পৰিয়ালক পোহপাল দি আহিছে । ইয়াৰ পৰিবৰ্তে দক্ষিণ ভাৰতত চাহ উদ্যোগৰ সৈতে জড়িত শ্ৰমিকসকলে অন্যান্য সা-সুবিধা উপৰি কেৰালাত ৩২০ টকা, তামিলনাডুত ৩০২ টকা আৰু কৰ্ণাটকত ৩০৫ টকা নগদ মজুৰি লাভ কৰি আহিছে ।
ৰাজ্যখনত চাহ বাগিচাত কৰ্মৰত লাখ লাখ শ্ৰমিকে দিনটো কঠোৰ পৰিশ্ৰম কৰি অহাৰ পাছতো আজিও প্ৰাপ্য মজুৰি লাভ নকৰাটো অতি দুৰ্ভাগ্যজনক হিচাপে বিবেচিত হৈছে।
- Log in to post comments
- 11 views