গোলাঘাট, ১ মে' :
প্ৰায় ৫ মাহ পূৰ্বে গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰৰ পৰা চুৰি হোৱা বিগ্ৰহ গোলাঘাট আৰক্ষীয়ে উদ্ধাৰ কৰি এক উল্লেখনীয় সফলতা লাভ কৰিছে।
গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে নলবাৰীত এক অভিযান চলাই এই মূল্যবান বিগ্ৰহ উদ্ধাৰ কৰাৰ লগতে চুৰি কাৰ্য সংঘটিত কৰা চাৰিটাকৈ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'য়।
নলবাৰীৰ বাটচৰৰ ছান হুছেইন, টিহুৰ আদিল আলী , মুকালমুৱাৰ ৰাহুল আলী আৰু পাঞ্জাবাৰীৰ মিন্টু ৰায়ক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে।
- Log in to post comments
- 28 views