বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী :
এইবাৰ প্রকাশ হ'ল বদৰপুৰ পুলিচৰ সহযোগত গঢ়ি উঠা বৰাকৰ কৰিমগঞ্জৰ অবৈধ কয়লা চিণ্ডিকেটৰ কাহিনী।প্রতিদিনে শতাধিক কয়লাৰ ট্ৰাক বিভিন্ন কৌশলেৰে কৰিমগঞ্জৰ পৰা আগৰতলালৈ চলাচল কৰি আছে।
এই চিণ্ডিকেটৰ চৰ্দাৰ কৰিমগঞ্জৰ কয়লা মাফিয়া হিফজুৰ ৰহমান চৌধুৰী বুলি ৰাইজে অভিযোগ কৰিছে। দুজন এজেন্টৰ সহযোগত কাটিগড়া-বদৰপুৰৰ মধ্যেবর্তী 'গেমন' সেতুত 'এমআৰএইচ' নামৰ টোকেন প্ৰদান কৰি
অব্যাহত ৰাখিছে অবৈধ কয়লাৰ সৰবৰাহ।বিষয়টোক লৈ ইতিমধ্যে লিখিত অভিযোগ প্রদান কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক।বৰাকৰ বহুকেইটা স্বেচ্ছাসেৱী সংগঠনৰ তৰফৰ পৰা মুখ্যমন্ত্রীক এই বিষয়ে অৱগত কৰোৱা হৈছে যদিও এমআৰএইচ গ্রুপৰ বিৰুদ্ধে বৰাকৰ প্রশাসনে নীৰৱ দর্শকৰ ভূমিকা এতিয়াও লৈ আছে বুলি অভিযোগ কৰিছে সংগঠনকেইটাই।
দীর্ঘদিনৰ পৰা চৰকাৰী ৰাজহ ফাঁকি দি হিফজুৰ আৰু আৰু তেওৰ এজেন্ট গুমড়াৰ মুক্তা বৰভূঞা আৰু জালালপুৰৰ ৰাজন দাসে চিণ্ডিকেট চলাই আছে,এতিয়া এই বিষয়টো গোপনে থকা নাই বুলি জানিবলৈ দিছে ৰাইজে।উল্লেখ্য যে চিবিআইৰ গোচৰত অভিযুক্ত হৈও তেওঁ বৰাকত প্ৰশাসনৰ সহযোগত চলাই আছে কোটিটকীয়া কয়লাৰ চিণ্ডিকেট।
সংবাদ মাধ্যমৰ তৰফৰ পৰা মোবাইল নম্বৰত যোগাযোগ
কৰিলে হিফজুৰে চিণ্ডিকেটত তেওঁ জড়িত নাই বুলি ক'ব বিচাৰিছে।আনহাতে,শীঘ্রে চিণ্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে,বৃহৎ আন্দোলন গঢ়ি তুলিব বুলি সংগঠনকেইটাই জানিবলৈ দিছে।
- Log in to post comments
- 75 views