কল্যাণজ্যোতি বুঢ়াগোহাঁই,শিৱসাগৰ :
ছশবছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্তম্ভস্বৰূপ শিৱসাগৰৰ দৌল দেৱালয় , ৰংঘৰ, কাৰেংঘৰ, ঐতিহাসিক পুখুৰী, মৈডামসমুহে এতিয়া এক কদর্য ৰূপ ধাৰণ কৰিছে।
যি সময়ত শিৱসাগৰৰ এই ঐতিহাসিক সমল সমুহ পৰিদৰ্শন কৰিবলৈ দেশী বিদেশী পৰ্যটকে ভিৰ কৰেহি তেনে সময়তেই ভাৰতীয় পূৰাতত্ব সৰ্বেক্ষণৰ টোগলকী সিদ্ধান্তৰ বাবে এই পৌৰাণিক সমল সমুহৰ চৌহদ আৱৰ্জনাৰে ভৰি পৰিছে ।
উল্লেখ্য যে ভাৰতীয় পূৰাতত্ব সৰ্ব্বেক্ষণে শিৱসাগৰ জিলাত শিৱদৌল, দেৱী দৌল, বিষ্ণু দৌল, জয় দৌল, ৰংঘৰ, তলাতলঘৰ, গড়গাঁৱৰ কাৰেংঘৰ, চৰাইদেউৰ মৈডাম সমুহৰ সংৰক্ষণৰ আৰু চোৱা চিতাৰ দায়িত্ব নিজৰ আওতাত ৰাখিছে। এই ঐতিহাসিক সমল সমুহৰ চৌহদত সৌন্দৰ্য বৰ্ধনৰ বাবে প্ৰতিবছৰে বিভাগটোৱে নিবিদাৰ জৰিয়তে ঠিকাদাৰক দায়িত্ব অৰ্পন কৰে। ঠিকাদাৰসকলে স্থানীয় লোকৰ জৰিয়তে ঐতিহাসিক সমল সমুহৰ চৌহদত ফুলৰ বাগিছা স্থাপন কৰাৰ পৰা চাফ-চিকুনৰ দায়িত্ব পালন কৰি আহিছে। বিগত সাত আঠ বছৰ ধৰি প্ৰায় অদ্ধ শতাধিক চফাই কৰ্মীয়ে প্ৰতিটো ঐতিহাসিক সম্পদৰ চৌহদৰ আৱৰ্জনা পৰিস্কাৰ কৰি সম্পদসমুহ দেশী বিদেশী পৰ্যটকৰ সন্মুখত আটকধুনীয়া কৈ সজাই পৰাই ৰাখিছে।
কিন্তু অতি নাটকীয়ভাৱে ভাৰতীয় পূৰাতত্ব সৰ্ব্বেক্ষণৰ অধীনৰ এই সকল ঠিকাদাৰে যোৱা তিনি এপ্ৰিলত চফাই কৰ্মচাৰী সকলক কামৰ পৰা চাটাই কৰি দিয়ে। সুদীৰ্ঘ দিনধৰি এই ঐতিহাসিক সমলসমুহত চফাই কৰ্মীৰূপে কাম কৰি অহা এই সকল কৰ্মচাৰীক হঠাৎ কামৰ পৰা চাটাই কৰি দিয়াত তেওঁ লোকৰ জীৱনলৈ বিপৰ্যয় নামি আহিছে। তদুপৰি যোৱা তিনি এপ্ৰিলৰ পৰা এই ঐতিহাসিক সমল সমুহৰ চৌহদ আৱৰ্জনাৰে ভৰি পৰি এক কদৰ্য্য পৰিৱেশলৈ গতি কৰিছে।
উক্ত দিন ধৰি আজিৰ তাৰিখলৈ ঐতিহাসিক সম্পদ সমূহ চাফ-চিকুন নকৰাৰ বাবে পলিথিনৰ লগতে প্লাষ্টিকৰ পানীৰ বটল আৰু অন্যান্য সামগ্ৰীৰে প্ৰতিটো ঐতিহাসিক সমলৰ চৌহদ ভৰি পৰিছে। শৌচাগাৰ প্ৰস্ৰাৱগাৰৰ পৰা ভাঁহি অহা দূৰ্গন্ধই পৰ্যটকক অতিষ্ঠ কৰি তুলিছে। যাৰ বাবে ভাৰতীয় পূৰাতত্ব সৰ্ব্বেক্ষণ বিভাগটোৰ ওপৰত ক্ষুন্ন হৈ পৰিছে দেশী বিদেশী পৰ্যটকৰ লগতে স্থানীয় ৰাইজও।
কেৱল ঐতিহাসিক সম্পদ সমুহৰ প্ৰৱেশ মাছুল বৃদ্ধি কৰি দায়িত্ব সামৰা এই বিভাগটোৱে ঐতিহাসিক সমলসমুহৰ দৰ্শনাৰ্থীৰ সুবিধাৰ প্ৰতি সদায়ে পিঠি দি আহিছে।আনহাতে চফাই কামত নিয়োজিত এজন কৰ্মীৰ ভাষ্য, "যোৱা তিনি এপ্ৰিলৰ দিনা ঠিকাদৰ জনে আমাক আজিৰে পৰা কামলৈ আহিব নালাগে বুলি কলে। ওপৰৰ পৰা নিৰ্দেশ আহিছে গাৰ্ডেন বিভাগটো বন্ধ কৰিবলৈ। এই বিভাগটো কোম্পানীৰ অধীনলৈ যাব। ইমান বছৰে আমি এই কাম কৰিয়েই পৰিয়াল পোহপাল দি আহিছো, এতিয়া এই কাম বেলেগক কৰিবলৈ দিবলৈ নিদিওঁ। ইয়াৰ প্ৰতিবাদ কৰিম" বুলি স্পষ্ট কৈ প্ৰকাশ কৰে স্থানীয় চফাই কৰ্মীয়ে।
এই ঐতিহাসিক সমল সমুহ পৰিদৰ্শন কৰা এজন পৰ্যটকৰ ভাষ্য, আহোমৰ ৰাজত্বকালৰ সকলো পৌৰাণিক সম্পদ থকা এই শিৱসাগৰক লৈ সমগ্ৰ অসমে গৌৰৱ কৰে, কিন্তু পূৰ্বতে যিমান পৰিস্কাৰ আছিল এই সম্পদ সমুহ এতিয়া কিন্তু তেনে পৰিবেশ নাই। এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষই গুৰুত্ব দিব লাগে বুলি দৰ্শনাৰ্থীয়ে মন্তব্য কৰে।
- Log in to post comments
- 58 views