বৰভাগৰ পৰা সঞ্জয় দাস :
কামৰূপ জিলাৰ কঞা গাঁৱৰ এজন শিক্ষিত উদ্যমী যুৱক পুলক কলিতা। পুলক কলিতাই যোৱা ২০০২ চনত গুৱাহাটী আৰ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।স্নাতক ডিগ্ৰীধাৰী হৈও চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি নুফুৰি যোৱা ২০০৭ চনত 'সগুণা ব্ৰইলাৰ কোম্পানী'ৰ অধীনত ঘৰতে এখন ব্ৰইলাৰ ফাৰ্ম আৰম্ভ কৰে।
ফাৰ্মখনে পুলক কলিতাৰ জীৱনলৈ আশাৰ ৰেঙণি কঢ়িয়াই অনাত আৰু ব্ৰইলাৰৰ চাহিদা দেখি ফাৰ্মখনৰ উপাৰ্জনেৰে ঘৰৰ ওচৰতে দুই বিঘা মাটি কিনি ফাৰ্মখন সম্প্ৰসাৰণ কৰে।পুলক কলিতাই ফাৰ্মখনক দোপক-দোপে আগবঢ়াই নিবলৈ সক্ষম হোৱাত কোম্পানীৰ পৰা অসমৰ ভিতৰতে শ্ৰেষ্ঠ ফাৰ্মাৰৰ 'সোণৰ পদক' বঁটা পাবলৈ সক্ষম হয়।
ইয়াৰ পিছতো তেওঁক কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱাত দুখ প্ৰকাশ কৰে।চৰকাৰী সাহাৰ্য পালে হয়তো আৰু অধিক আগবাঢ়ি যাব পাৰিলেহেতেন বুলি কয়।
পুলক কলিতাই জানিবলৈ দিয়া মতে তেওঁৰ ফাৰ্মখনত ৫ হাজাৰ পোৱালী ৰাখিব পৰা আন্ত:গাঠনি আছে।লগতে তেওঁ উন্নত জাতৰ দুজনী গাই গৰু পুহিবলৈ লৈছে আৰু প্ৰায় ৩ বিঘা মাটিৰ এটা পুখুৰী খান্দি মাছ পুহিবলৈও লৈছে।তেওঁ ফাৰ্মখনৰ পৰা কোনো কোনো মাহত ১ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে।
আজি তেওঁৰ ফাৰ্মখনৰ উপাৰ্জনেৰে পৰিয়ালটোৰ লগতে ফাৰ্মখনত নিয়োগ কৰা ৪ গৰাকী কৰ্মচাৰীৰ পৰিয়ালক ভৰণ-পোষণ সুন্দৰভাৱে দিবলৈ সক্ষম হৈছে বুলি কয়। ফাৰ্মখনক লৈ আজি বেছ সুখী বুলি তেওঁ প্ৰকাশ কৰে।স্বাৱলম্বী উদ্যোগী যুৱক হিচাপে পুলক কলিতা এতিয়া অসমীয়া যুৱক-যুৱতীৰ আদৰ্শ হ'ব পাৰে।
- Log in to post comments
- 85 views