বঙাইগাঁওঃ ২৭ এপ্ৰিলঃ
উত্তৰ পূব সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ নিউ বঙাইগাঁও ৰানিং শাখাৰ তৃতীয় বাৰ্ষিক অধিৱেশনখন আজি নিউ বঙাইগাঁওস্থিত কাৰ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ অধিৱেশনৰ কাৰ্যসূচী অনুসৰি শাখাৰ সভাপতি দেৱৰাজ দাসে পতাকা উত্তোলন কৰাৰ পিছত সমূহীয়াভাবে ছহিদ তৰ্পণ কৰা হয় ৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা ৷
ইউনিয়নৰ উপ সভাপতি ফণীধৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ইউনিয়নৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক আশীষ বিশ্বাসে নিজৰ ভাষণত কেন্দ্ৰৰ মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে - মোদী চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিয়ে তেওঁলোকৰ পতন মাতি আনিলে ৷ এই কথা অহা ২৩ মেত প্ৰমাণ হ'ব ৷ কাৰণ সিদিনা লোক সভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব ৷ শ্ৰমিক বিৰোধী স্থিতি গ্ৰহণ কৰা চৰকাৰৰ পতন অনিবাৰ্য বুলিও কয় ৷
সভাত ইউনিয়নৰ ৰঙিয়া ডিভিজনৰ আহ্বায়ক সমীৰ চুনী মুছাহাৰীৰ লগতে দ্বীপেন বৰা, শম্ভু প্ৰসাদ দাস , মনোৰঞ্জন নায়ক , মৃণাল শীল প্ৰমুখ্যে কেইবাজনো নেতা উপস্থিত থাকে ৷ ইপিনে এই সভাতেই দেৱৰাজ দাসক সভাপতি , এচ এন সিঙক সম্পাদক আৰু ৰাকেশ কুমাৰক কোষাধ্যক্ষ হিচাপে লৈ আগন্তুক ২০১৯-২০ বৰ্ষৰ বাবে ১৬ জনীয়া নিউ বঙাইগাঁও ৰানিং শাখাৰ সমিতিখন নতুনকৈ গঠন কৰা হয় ৷
- Log in to post comments
- 9 views