বহিঃৰাজ্যত পুনৰ সন্ধানহীন চৰাইদেউৰ যুৱক

saraideu

চৰাইদেউৰ পৰা ঘন বৰা :

বহিঃৰাজ্যত পুনৰ নিৰুদিষ্ট হ'ল অসমৰ যুৱক। চৰাইদেউৰ সাপেখাতীৰ মৰাণহাবিৰ সঞ্জীৱ গগৈ নামৰ যুৱকজনে পূৰ্বে কৰ্মৰত চেন্নাইৰ এক ব্যক্তিগত কোম্পানীত পুনৰ যোগদানৰ বাবে বাসগৃহৰ পৰা চেন্নাই এক্সপ্ৰেছেৰে গৈ থকাৰ অৱস্হাতে যোৱা ২৫ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে।


ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি সঞ্জীৱ গগৈয়ে গন্তব্যস্থলী পোৱাৰ আগতে ৰে'লতে দুজনমান উদণ্ড যুৱকৰ লগত বাক-বিতণ্ডাৰ সূত্ৰপাত হোৱাত উদণ্ড যুৱককেইজনে নিৰ্মমভাৱে সঞ্জীৱক মাৰপিট কৰি ৰে'লৰ প্ৰস্ৰাৱগাৰত আৱদ্ধ কৰি থয়। যদিও পিছত সঞ্জীৱে বিজয়নগৰ ৰে'ল ষ্টেচনত কৌশলেৰে পলায়নৰ চেষ্টা কৰে।ইফালে নিশাৰ ভাগত সংঘটিত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সঞ্জীৱে চেন্নাইত কৰ্মৰত অসমৰ যুৱকসকলক অৱগত কৰি সুৰক্ষা প্ৰদান কৰিবলৈ মোবাইল ফোনৰ জৰিয়তে অৱগত কৰিছিল যদিও তাৰ পিছৰে পৰা অতি ৰহস্যজনকভাৱে মোবাইল বন্ধ হৈ পৰে সঞ্জীৱৰ।


আনহাতে,সঞ্জীৱৰ সতীৰ্থসকলে পৰৱৰ্তী সময়ত বিজয়নগৰ ৰে'ল ষ্টেচনত অনুসন্ধান চলাই যদিও সঞ্জীৱৰ কোনো সন্ধান বাতৰি লিখাৰ পৰলৈকে লাভ কৰা নাই।বৰ্তমানেও সন্ধান নোপোৱা সঞ্জীৱৰ কোনো সন্ধান পালে ৭০০২৯৬১০৮০ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

Your Comments