বৰপেটা জিলাৰ ৪০নং সৰভোগ সমষ্টি তথা বিটিচিৰ ২০নং মঠনগুৰি সমষ্টিৰ অন্তৰ্গত গোৱৰ্ধনা গাঁৱত বেঁকীৰ খহনীয়াই ত্ৰাসৰ সৃষ্টি কৰিছে । ২০০৪ চনৰ পৰাই বেঁকীৰ খহনীয়াত গৃহহীন হ’বলগাত পৰিছে বহুকেইটা পৰিয়াল ৷ লগতে কেইবা শ কৃষিভূমি বেঁকীৰ বুকুত জাহ গৈছে । যোৱা দুদিনত শংকৰ দাস, সৰ্বা দাস, হৰেন দাসৰ ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যায় । আনহাতে দুই-এদিনতে আৰু ৪/৫টা পৰিয়ালৰ ঘৰ নদীৰ বুকুত জাহ যোৱাটো নিশ্চিত হৈ পৰিছে ৷
যোৱাবাৰ বেঁকীয়ে ঘৰ-সম্পত্তি উটুৱাই নিয়াৰ পাছত এইবাৰো প্ৰায় ৯/১০ বিঘা কৃষিভূমি নদীৰ বুকুত জাহ যায় স্থানীয় লোক দিগন্ত শইকীয়াৰ । তেওঁ দুখ আৰু আক্ষেপেৰে কয় যে বৰ্তমানলৈ এটকাও চৰকাৰী সাহায্য পোৱা নাই । জানিব পৰামতে, যোৱাবছৰ খহনীয়াত জাহ যোৱা বহু পৰিয়ালে চৰকাৰী সাহায্য পোৱা নাই । আনফালে, বানত ক্ষতিগ্ৰস্ত নোহোৱা বহু পৰিয়ালে সাহায্য পোৱা বুলিও স্থানীয় ৰাইজে অভিযোগ তুলিছে । যোৱা কেইবছৰ বহু ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যোৱা সত্ত্বেও স্থানীয় বিধায়ক তথা এম চি এল এয়ে প্ৰতিৰোধৰ বাবে কোনোধৰণৰ পদক্ষেপ লোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ।
খহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত স্থায়ী সমাধানৰ বাবে বিভিন্ন সংগঠনে পৃথকে পৃথকে স্মাৰক-পত্ৰ প্ৰদান কৰাৰ পাছতো কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাত উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । বৃহত্তৰ গোৱৰ্ধনা অঞ্চল মানচিত্ৰৰ পৰা হেৰাই যোৱাৰো সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ অঞ্চলটোৰ ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিধায়ক ৰঞ্জিত কুমাৰ দাস আৰু এম চি এল এ গৌতম দাসে কি পদক্ষেপ লয় তাৰবাবে অপেক্ষা কৰি আছে স্থানীয় ৰাইজে ।
- Log in to post comments
- 6 views