শিৱসাগৰত বীৰঙ্গণা সতী সাধনী দিৱস উদযাপন৷

sadhini

কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ৷

অসমীয়া জাতিৰ মহিয়সী নাৰী বীৰঙ্গণা সতী সাধনীৰ পবিত্ৰ স্মৃতিত দেওবাৰে শিৱসাগৰ চহৰৰ বডিং  খেলপথাৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত, সদৌ চুতীয়া জাতি সন্মিলন, অসম চুতীয়া জাতি মহিলা সন্মিলন,অসম, চুতীয়া যুৱ সন্মিলন,অসম, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত বীৰাঙ্গণা সতী সাধনী স্মৃতি দিৱস উদযাপন কৰা হয়৷
বীৰাঙ্গণা সতী সাধনী স্মৃতি দিৱস উদযাপনৰ কাৰ্যসূচীত উপস্থিত থাকি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলেই  বীৰাঙ্গণা গৰাকীক শ্ৰদ্ধা  জ্ঞাপন  কৰাৰ লগতে তেওঁ‌ৰ সাহস আৰু বীৰত্বৰ দ্বাৰা নৱ-প্ৰজন্মই  উদ্ধৃত হৈ দেশ প্ৰেমৰ আদৰ্শৰে কাম কৰি যাবলৈ আহ্বান জনায় ।

বীৰ-বীৰাঙ্গণাৰ স্মৃতি চিৰযুগমীয়া কৰা হকে ৰাজ্য চৰকাৰ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে  ভাষণত উল্লখ  কৰে। সতী সাধনীৰ বীৰত্ব আৰু কীৰ্তিৰ বিষয়ে আৰু অধিক অধ্যয়ণৰ প্ৰয়োজনীয়তা আছে বুলি মন্ত্ৰী গৰাকীয়ে কয়। জাতিৰ স্বাভিমানৰ প্ৰতীক এই বীৰ-বীৰাঙ্গণা সকলৰ স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত জাতীয় সংগঠন সমূহেও বিভিন্ন কাম
 কৰি আহিছে বুলিও তেওঁ‌ মন্তব্য কৰে।
        অনুস্থানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, থাওৰা আৰু মাহমৰা বিধানসভা সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে কুশল দুৱৰী আৰু যোগেন মহনকে আদি কৰি বিভিন্ন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। অনুস্থানত আদৰণি ভাষণ প্ৰদান কৰে সাংস্কৃতিক সঞ্চালনৰ সঞ্চালিকা বৰ্ণালী শৰ্মাই আৰু শলাগৰ শৰাই আগবঢ়াই শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ সুব্ৰমণি আয়াৰ লক্ষ্মণনে।
       ইয়াৰোপৰি সদৌ চুতীয়া জাতি সন্মিলনৰ সাধাৰণ সম্পাদক হৰেণ চুতীয়া আৰু নিৰ্দিষ্ট বক্তা হিচাপে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী প্ৰবক্তা ৰঞ্জীত তামুলীয়ে ভাষণ প্ৰদান কৰে। বীৰাঙ্গণা সতী সাধনী দিৱস উদযাপন উপলক্ষে স্থানীয় ব'ডিং খেলপথাৰৰ পৰা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে অনুস্থানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰা হয়।

Your Comments