অভিজিৎ তালুকদাৰ , তামুলপুৰ , ১৮ এপ্ৰিল :
বিটিচিত কোনো ধৰণৰ উন্নয়নমূলক আঁচনি নাই। বিগত ১৭ বছৰে বিটিচি অঞ্চলৰ নিবনুৱা সমস্যা, দুখীয়া মহিলা, কৃষক, শ্ৰমিক, আত্ম-সহায়ক গোটৰ উন্নয়নৰ লগতে মানৱ সম্পদ গঢ়াৰো কোনো আঁচনি গ্ৰহণ নকৰিলে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি প্ৰশাসনে, এই অভিযোগ নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৰ সভাপতি প্ৰমোদ বড়োৰ। ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী ইউ জি ব্রহ্মৰ হৈ আজি তামুলপুৰ মহকুমাৰ কাউলী বজাৰত অনুষ্ঠিত এখনি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োয়ে এই অভিযোগ উত্থাপন কৰে।
ভাষণত এবছু নেতাজনে বিপিএফ দলৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে আজি সভাত অধিক সৰব হৈ পৰে । ভাষণত তেওঁ কয় যে হাগ্ৰামা মহিলাৰীৰ হাতত কোনো নিৰ্বাচনী ইচ্ছু নাই বাবেই সভা সমিতি সমূহত তেওঁক গালি গালাজ পাৰি থকা বুলিও তেওঁ মন্তব্য কৰে। ভাষণ প্ৰসংগত হাগ্ৰামা মাহিলাৰী আৰু নৱ কুমাৰ শৰণীয়া দুৰ্নীতিত সমান বুলি মন্তব্য কৰি কয় যে নৱ কুমাৰ শৰণীয়াই বিগত পাঁচ বছৰত উন্নয়নৰ বাবে অহা ২৫ কোটি টকা লাভ কৰিলে যদিও উন্নয়নমূলক কি কি কাম কৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে। নৱ কুমাৰ শৰণীয়াই বড়োলেণ্ড গঠন হলে অনাবড়ো লোক সকল গুচি যাব লাগিব বুলি কোৱা কথাক উভতি ধৰি নৱ কুমাৰ শৰণীয়াই কোনখন বড়োলেণ্ডৰ কথা কৈছে বুলিও এবছু সভাপতি গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় আমি ভাৰতৰ নাগৰিক, আমি অসম ৰাজ্যত থাকো আৰু আমি ইতিমধ্যে বড়োলেণ্ডতেই আছো ।
১৯৯৩ চনত বড়োলেণ্ড স্বায়ত শাসিত পৰিষদ গঠন হৈছিল, এয়াই বড়োলেণ্ড। ২০০৩ চনত বড়োলেণ্ড টেৰীট'ৰিয়েল কাউন্সিল গঠন হৈছিল। গতিকে নৱ কুমাৰ শৰণীয়াই কোন খন বড়োলেণ্ডৰ কথা কৈছে। নৱ কুমাৰ শৰণীয়াই বড়োলেণ্ডত থাকিয়েই নিৰ্বাচন খেলিছে। গতিকে তেওঁ কোনখন বড়োলেণ্ডৰ ভয় দেখুৱাই আছে এই কথা ৰাইজে বুজা উচিত আৰু ইতিমধ্যে ৰাইজে বুজিও পাইছে। এবছু সভাপতি গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে হীৰা শৰণীয়াই বড়ো সকলৰ হাতত অস্ত্ৰ থকা আৰু বড়ো সকলে অনাবড়ো সকলক মাৰিব-কাটিব বুলি ভয় দেখুৱাই আহিছে। নৱ কুমাৰ শৰণীয়াক ক্ষুৰধাৰ সমালোচনা কৰি নৱ কুমাৰ শৰণীয়াই বাঁহী বজাবলৈ আলফাত যোগদান কৰিছিল নেকি বুলিও প্ৰমোদ বড়োৱে কটাক্ষ কৰে।
একেদৰে হাগ্ৰামা মহিলাৰীয়েও বাঁহী বজাবলৈ বি এল টি লৈ যোৱা নাছিল বুলি তেওঁ এক তীৰ্যক মন্তব্য কৰে । তেওঁ পুনৰ কয় নিখিল বড়ো ছাত্র সন্থাই আৰম্ভণিৰে পৰাই অস্ত্ৰ মুক্ত, হিংসা মুক্ত, সন্ত্ৰাস মুক্ত এখন বিটিচি গঠন হব লাগে বুলি মাত মাতি আহিছে। এবছু নেতাজনে আকৌ কয় নৱ কুমাৰ শৰণীয়াই এগৰাকী সাংসদ হিচাবে নিবনুৱা সমস্যা সমাধান , উদ্যোগ স্থাপন আদিৰ ক্ষেত্ৰত কোনো আঁচনি অনাত ব্যৰ্থ হৈছে। তেওঁৰ মতে এফালে বিপিএফৰো কোনো আঁচনি নাই আনফালে নৱ কুমাৰ শৰণীয়াৰো নাই কোনো উন্নয়নৰ আঁচনি। কেৱল দুয়োপক্ষই সমাজক মেৰু বিভাজন কৰি ৰাজনীতিহে কৰি আহিছে ।
এতিয়া বড়ো-অনাবড়োৰ নামত ৰাজনীতি কৰাৰ কোনো সময় নাই, মাত্ৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ উন্নয়ন লাগে বুলি মন্তব্য কৰি ইউপিপিএল দলে উন্নয়নৰ স্বাৰ্থত ইউ জি ব্ৰহ্মক প্ৰাৰ্থীত্ব দিছে আৰু নিখিল বড়ো ছাত্র সন্থাই পূৰ্ণ সমৰ্থন আগবঢ়াইছে বুলি পুনৰ মুকলি ঘোষণা কৰে এবছু সভাপতি গৰাকীয়ে। ভাষণত প্ৰমোদ বড়োয়ে ইউপিপিএল দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মক বিভিন্ন দল-সংগঠন, জাতি-জনগোষ্ঠীৰ লোকে সমৰ্থন জনোৱা বুলি উল্লেখ কৰাৰ লগতে এইবাৰ ইউ জি ব্ৰহ্মৰ বিজয় সুনিশ্চিত বুলি দৃঢ়তাৰে মন্তব্য কৰে। কাউলী বজাৰ উন্নয়ন সমিতিৰ সভাপতি জিতেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জ্ঞানেন্দ্ৰ সিঙহও ভাষণ ৰাখে । আজিৰ এই সভাতেই আদিবাসী নেতা ষ্টিফেন হেম্বৰমৰ নেতৃত্বত শতাধিক কৰ্মীয়ে ইউপিপিএলত যোগদান কৰে ।
- Log in to post comments
- 8 views