কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞাৰ প্ৰতিবেদন
১০ নং নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত ৮৭ নং বঢ়মপুৰ সমষ্টিৰ ৯৩ নং কচুবস্তি ভোটকেন্দ্ৰ উত্তেজনা ।৭৬৬ নং ভোটাৰ থকা কেন্দ্ৰটোৰ ১৫৭ গৰাকী ভোটাৰৰ নাম ভোটাৰ তালিকাত নথকাক কেন্দ্ৰ কৰি এই উত্তেজনা সৃষ্টি হয় । উল্লেখ্য যে পূৰ্বৰ নিৰ্বাচনত এই লোক সকলে ভোটদান কৰি আহিছিল ।
পুৱা ভোট দিবলৈ আহি তালিকাত নাম নথকাত হতভম্ব হৈ পৰে ভোটাৰ ৰাইজ ৷ ভোট দানৰ পৰা বঞ্চিত ১৫৭ গৰাকী ভোটাৰে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ ভোট দিব নাপালে কেন্দ্ৰটোত গ্ৰহন কৰা বাকী সকলৰ ভোট গ্ৰহন কৰা ই ভি এম লৈ যোৱাত বাধা দিয়াৰ ভাবুকি দিয়ে বঞ্চিত ভোটাৰে ৷ ইফালে স্থানীয় গাঁওবুঢ়া গৰাকীয়ে ভোটাৰ আই ডি প্ৰদান কৰাৰ নামতো ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰে একাংশ ভোটাৰে।
আনহাতে ৮২ নং ৰহা সমষ্টিৰ ২৩৮ নং ড.ফাৰুক আব্দুলা চিনিয়ৰ মাদ্ৰাছাৰ ভোট কেন্দ্ৰতো ই ভি এম বিকল হৈ পৰে। ৭০টা ভোট দান হোৱাৰ পিছতেই বিকল হৈ পৰে ই ভি এম মেচিনটো । মেচিন বিকল হৈ পৰাৰ পাছত প্ৰায় এঘণ্টা ভোট গ্ৰহন বন্ধ হৈ পৰেকেন্দ্ৰটোত । ইফালে
ৰহা সমষ্টিৰে নিজ নাৰিকলি ১৪১ আৰু ১৪২ নং এম ই স্কুলতো ই ভি এম বিকল হৈ পৰে। ৫২ জন ভোটাৰে ভোট দিয়াৰ পিছতেই বিকল হৈ পৰে ই ভি এম মেচিনটো ৷ ই ভি এম বিকল হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰায় দুঘণ্টা ধৰি ভোট গ্ৰহণ বন্ধ হৈ পৰে কেন্দ্ৰটোত। পৰৱৰ্তী সময়ত ভি ভি পি এ টি সলাই দি পুনৰ ভোট গ্ৰহণ আৰম্ভ কৰে কেন্দ্ৰটোত।
কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞাৰ প্ৰতিবেদন....
- Log in to post comments
- 8 views