হাজোৰ পৰা কমলাকান্ত দাস
গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাথী কুইন ওজাৰ হৈ আজি বিয়লি সমষ্টিটোৰ অন্তৰ্গত হাজো বিধান সভা সমষ্টিত অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্রী হিমন্তবিশ্ব শৰ্মাই প্ৰচাৰ চলায়।ভাষণ প্ৰসংগত হিমন্তবিশ্ব শৰ্মাই কয় যে বৰ্তমান অৱস্থাত কংগ্ৰেছক ভোট দিয়া মানে পোনপটীয়াকৈ আজমলকে ভোট দিয়া। কংগ্ৰেছৰ অপশাসনৰ পৰা ৰাইজ ওলাই আহিছে।সূতা লুঙীৰ দিন বৰ্তমানে উকলি গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নৰ জোৱাৰ দেখি সকলোৱে এতিয়া বুজি উঠিছে। হিমন্তবিশ্ব শৰ্মাই হাজোত আজি এক দীঘলীয়া পাদযাত্ৰা কাৰ্যসূচীতো অংশগ্ৰহণ কৰে আৰু এই পাদযাত্ৰাৰ পৰাই হাজোৰ ৰাইজক বিজেপিক ভোট দিয়াৰ বাবে আহ্বান জনোৱাৰ লগতে কংগ্ৰেছক ভাৰতৰ লগতে অসমৰ পৰাই চিৰদিনৰ বাবে বিদায় দিবলৈও অনুৰোধ কৰে।
- Log in to post comments
- 12 views