মৰিগাঁৱত ভোটাধিকাৰ সাব্যস্ত কৰিলে ১০২ বছৰীয়া বৃদ্ধই 

ra

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

 

ভোটাৰৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ মৰিগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন সজাগতামূলক অভিযানক সন্মান প্ৰদৰ্শনেৰে আজি অনুষ্ঠিত হোৱা ভোটদান প্ৰক্ৰিয়াত ১০২ বছৰীয়া এগৰাকী বৃদ্ধই নিজৰ ভোটদান সাব্যস্ত কৰি  আলোড়নৰ সৃষ্টি কৰে। জিলাখনত পুৱাৰে  পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ মাজতেই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহা ১০২ বছৰীয়া বৃদ্ধগৰাকীৰ নাম হৈছে ৰহিম দাস।

 

ৰহিম দাসৰ ঘৰ হৈছে মৰিগাঁও নগৰৰ পচতীয়াত। মৰিগাঁও নগৰৰ ৫০ নং মৰিগাঁও মজলীয়া বিদ্যালয়(পূব)ত স্থাপন কৰা ভোটকেন্দ্রত  শৰীৰৰ থৰক-বৰক অৱস্থালৈ লক্ষ্য কৰি তেওঁক এখন হুইল চেয়াৰৰ জৰিয়তে অনা হয় ভোটগ্ৰহণ কেন্দ্রলৈ। ১০২ বছৰীয়া বৃদ্ধ ৰহিম দাসে দেশৰ প্ৰতি দেখুৱা এনে দায়বদ্ধতাক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।

Your Comments