মৰিগাঁৱৰ পৰা জিতুমণি নাথ
কাইলৈ অনুষ্ঠিত হ'ব লগা নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে মৰিগাঁও জিলা প্ৰশাসনে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে।মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই লোকসভা নিৰ্বাচনটো মৰিগাঁও জিলাত যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়, তাৰ বাবে সকলোকে সহায়- সহযোগিতা কৰিবলৈ আাহ্বান জনায়।
উপায়ুক্ত বৰাই কয় -জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত মুঠ ৫,৮৩,৭৬৯ জন ভোটাৰে ভোট দান কৰিব। ইয়াৰে ২,৯৮,২৩৫ জন পুৰুষ আৰু ২,৮৫,৫০৮ গৰাকী মহিলা। তদুপৰি জাগীৰোড বিধানসভা সমষ্টিৰ মুঠ ২,২১,৭৩০ জন ভোটাৰে ১,১৩,০০৩ জন পুৰুষ আৰু ১,০৮,৭১২ গৰাকী মহিলা। মৰিগাওঁ বিধানসভা সমষ্টিৰ মুঠ ১,৮৩,৬৩১ জন ভোটাৰে ৯২,০৫৮ জন পুৰুষ আৰু ৯১,৫৬৬ গৰাকী মহিলা। লাহৰীঘাট বিধান সভাৰ সমষ্টিৰ মুঠ ১,৭৮,৪০৮ জন ভোটাৰে ৯৩,১৭৪ জন পুৰুষ আৰু ৮৫,২২৮ গৰাকী মহিলা।
৮১২ টা ভোট কেন্দ্রত অনুষ্ঠিত হ'ব লগীয়া ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ বাবে ৪২০০ কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ইয়াৰে ৬৬ জন চেক্টৰ বিষয়া আৰু ১৫ জন জ'নেল বিষয়াক নিয়োগ কৰা হৈছে। ইফালে পঞ্চায়ত নিৰ্বাচনত নিয়োজিত কৰাৰ দৰে বৰ্তমান নিৰ্বাচনটো ৬ টা ভোট গ্ৰহন কেন্দ্রত সকলো মহিলা কৰ্মচাৰীক নিয়োগ কৰা হৈছে বুলি মন্তব্য কৰে উপায়ুক্ত বৰাই ।জিলাখনৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে মৰিগাঁও আৰক্ষী প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলিও উপায়ুক্তই উল্লেখ কৰে।
- Log in to post comments
- 10 views