১৮ এপ্রিলত বৰাকৰ ২ খন আসনত নিৰ্বাচন:১৪৪ ধাৰা জাৰি

vote

শিলচৰৰ পৰা বিক্ৰম দাস

আগন্তুক ১৮ এপ্রিলত বৰাক উপত্যকাৰ ২ খন আসনত দ্বিতীয় পর্যায়ৰ লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। মঙলবাৰে আবেলি ৫ বজাত পৰা অন্ত পৰে  নির্বাচনী প্রচাৰ। সেই সময়ৰ পৰা কাছাৰ জিলাত ১৪৪ ধাৰা বলবৎ কৰা হৈছে  বুলি জনালে জিলা উপায়ুক্ত লয়া মাদ্দুৰীয়ে । 


১৮ এপ্রিলৰ আবেলি পাঁচ বজা পর্যন্ত এই নিষেধাজ্ঞা বলবৎ থাকিব। বৃহস্পতিবাৰে ভোট দানৰ বাবে সকলো চৰকাৰী আৰু বেচৰকাৰী দপ্তৰ প্রতিষ্ঠানত ছুটি ঘোষণা কৰা হৈছে। 


ভোটগ্ৰহণৰ দিনা ১৪৪ ধাৰাৰ অধীনত বহু ক্ষেত্ৰত নিষেধাজ্ঞাৰ কথা উল্লেখ কৰিছে জিলা উপায়ুক্তই। ভোট কেন্দ্রৰ ২০০ মিটাৰ অঞ্চলত কোনো ধৰণৰ নির্বাচনী কার্যালয় স্থাপন কৰিব নোৱাৰিব ।  লগাব নোৱাৰিব  কোনো দলৰ বেনাৰ,ফেষ্টুন,প্রার্থীৰ প্রতীক বা প্রচাৰ সামগ্রী। ২০০ মিটাৰ আঁতৰত  কার্যালয় স্থাপন কৰিবলৈ হ'লে সংশ্লিষ্ট প্রার্থী সকলে ৰিটার্নিং অফিচাৰৰ ওচৰত পূৰ্বেই আবেদন কৰিব লাগিব। অনুমতি লাভ কৰিলে  কার্যালয় স্থাপন কৰিব পাৰিব। কিন্তু এই কার্যালয়ত কোনো ধৰণৰ প্রচাৰ সামগ্রী ৰাখিব নোৱাৰিব। কার্যালয়ত সমৰ্থকৰ ভীৰ হবলৈ দিব নোৱাৰিব । ভোট দিবলৈ আহি কোনেও কার্যালয়ত সোমাব নোৱাৰিব। 


 ভোটকেন্দ্র 
সমূহত মোবাইল ফোন লৈ প্রবেশ কৰিবলৈ দিয়া  নহ'ব বুলি জনাইছে জিলা উপায়ুক্তই। গাড়ীসমূহত অস্বচ্ছ আইনা ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। জিলাৰ এশটা পোলিং ষ্টেচন ৱেব কাষ্টিঙৰ মাধ্যমৰে নির্বাচন আয়োগে নজৰত ৰাখিব।  নির্বাচনী আয়োগৰ সংশ্লিষ্ট বিষয়াসকলেহে ৱেব কাষ্টিং প্ৰত্যক্ষ কৰিব পাৰিব।

 

Your Comments