লাহৰীঘাটত বিধায়িকা আঙুৰলতাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

aangur

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম

ৰঙালী বিহুৰ মাজতে বিধায়িকা আঙুৰলতা ডেকাই ১০ নং নগাঁও সংসদীয় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ লাহৰীঘাটৰ বিভিন্ন প্ৰান্তত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়।


সংখ্যালঘু বসতিপ্ৰধান লাহৰীঘাট সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ প্ৰসংগত বিধায়িকাগৰাকীয়ে কয় যে ইমান দিনে কংগ্ৰেছে মুছলমানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি ডি ভোটাৰ, এন আৰ চি আদিৰ ভয়-ভাবুকি দেখুৱাই এটা মোনাত আবদ্ধ কৰি ৰাখিছিল। মুছলমান সম্প্ৰদায়ৰ লোকৰ বাবে কোনো উন্নয়ন কৰা নাছিল।  কংগ্ৰেছক কঠোৰ সমালোচনা কৰি বিধায়িকা আঙুৰলতাই কয় যে নগাঁও লোকসভাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মা সাংসদ হৈ দিল্লীলৈ যাবই। নৰেন্দ্ৰ মোডী আকৌ প্ৰধানমন্ত্ৰী হ'বই।

Your Comments