পহিলা ব'হাগৰ দিনা শিৱসাগৰ গ্ৰাম্য সাংবাদিক সংস্থাই বিশিষ্ট ব‍্যক্তিক ঘৰে ঘৰে গৈ জনালে বিহুৰ ওলগ

sib

কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰঃ১৫ এপ্ৰিলঃ

পহিলা বহাগৰ দিনা শিৱসাগৰৰ জিলাৰ অন্তৰ্গত দিচাংমুখ,বানমুখ আৰু জাঁজীত গ্ৰাম্য সাংবাদিক সংস্থাই ললে এক ব্যতিক্ৰমী পদক্ষেপ। শিৱসাগৰৰ দিচাংমুখ, বানমুখ আৰু জাঁজী অঞ্চলৰ  তিনি গৰাকী বিশিষ্ট ব্যক্তিক সংস্থাই পৃথকে পৃথকে তেওঁলোকৰ বাসগৃহত গৈ সম্বধনা জনায়।sib2 দিচাংমুখ অঞ্চলৰ বিশিষ্ট কবি তথা নিবন্ধকাৰ অনিল পাংগিং, বানমুখ কাথপাৰ গাঁৱৰ বিশিষ্টা সমাজসেৱীকা তথা প্ৰধান শিক্ষয়িত্ৰী নিকুঞ্জ শইকীয়াৰ লগতে আমগুৰিৰ জাঁজী জামুগুৰী নিবাসী তথা লোক সংস্কৃতিৰ গৱেষক ড° কৃষ্ণকান্ত সন্দিকৈৰ এখনি ফুলাম গামোছাৰে সম্বধনা জ্ঞাপন কৰে । sib 4

গ্ৰাম্য সাংবাদিক সংস্থাৰ  এই কায‍্যসূচীত নেতৃত্ব প্ৰদান কৰে শিৱসাগৰ জিলাৰ গ্ৰাম্য সাংবাদিক সংস্থাৰ সভাপতি ৰজনীকান্ত পাংগিং,উপ-সভাপতি অৰুণ ঠাকুৰ,প্ৰসেনজিৎ গগৈ, সম্পাদক মনোৰঞ্জন হাজৰিকা, সহকাৰী সম্পাদক কল‍্যানজ‍্যোতি বুঢ়াগোহাঁই আৰু সমীৰণ দুৱাৰাই৷

Your Comments

Related Articles