বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ
ব'হাগৰ পহিলা দিনটো অসম সাহিত্য সভাই 'নিজৰ দিন' হিচাবে পালন কৰি আহিছে।সেই উপলক্ষে অসমৰ বিভিন্ন শাখা সাহিত্য সভাই নিজৰ এলেকাত সমাজকৰ্মী আৰু সাহিত্য-সংস্কৃতিৰ লগত জড়িত চাৰিগৰাকী সন্মানীয় জ্যেষ্ঠ নাগৰিকক অসম সাহিত্য সভাৰ একোখনকৈ মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটাৰোড সাহিত্য সভায়ো প্ৰতি বছৰে পালন কৰি আহিছে এই সম্বৰ্ধনা অনুষ্ঠান।
আজি 'নিজৰ দিন'ত বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাস আৰু সম্পাদক কুলেন চৌধুৰীৰ নেতৃত্বত এটি সঁজাতি দলে ঘৰে ঘৰে গৈ বৰপেটাৰোডৰ সন্মানীয় ব্যক্তিসকল ক্ৰমে- ডঃ ৰমেন দাস,জানকী নাথ,খাইৰুল ইছলাম আৰু দিলীপ সাহাক সম্বৰ্ধনা জনায়।
সম্বৰ্ধনা গ্ৰহণ কৰি ব্যক্তিকেইগৰাকীয়ে অসম সাহিত্য সভাৰ শলাগ লয়।লগতে এনে কাৰ্যসূচীৰে অসমৰ ঐক্য-সম্প্ৰীতিৰ এনাজৰীডাল অধিক কটকটীয়া কৰি ৰাখিবলৈ আহ্বান জনায়।
- Log in to post comments
- 18 views