নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা
অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিক আদৰিবলৈ আজি সকলো
ব্যস্ত । নঙলামুখত ৰৈ থকা ৰঙালী বিহুৰ বাবে ঢুলীয়া--নাচনী ব্যস্ত ঢোল-পেঁপা-গগণাক লৈ, কৃষক ৰাইজ ব্যস্ত নিজৰ গাই-বলধ তথা নাঙল-যুৱলিক লৈ । কৃষিজীৱী ৰাইজ তথা খেতিয়কৰ বাবে ৰঙালী বিহুৰ প্ৰধান কাৰ্যসূচীয়েই হৈছে গৰু বিহু । গৰু বিহুৰ দিনা পুৱাতে নৈ-বিল তথা খাল-বিলত গাই-বলধকেইটাক মাহ--হালধিৰে নোওৱা--ধোওৱা হয় । কৃষিজীৱী ৰাইজৰ বাবে গাই-বলধকেইটাই হৈছে জীৱিকাৰ একমাত্ৰ সম্বল । পূৰ্বৰে পৰা নগাঁৱৰ কলংপৰীয়া ৰাইজে গৰু বিহুৰ দিনা পুৱাতে নৈ-বিল তথা খাল-বিলৰ লগতে কলঙত গাই-বলধক গা ধুৱায় ।
অলেখ যুগৰ জনজীৱনৰ সভ্যতা-সংস্কৃতিৰ ঐতিহ্য বুকুত বান্ধি লৈ আজিও কলং বৈ আছে । তাহানিৰ দুৰন্ত কলঙৰ নৈসৰ্গিক দৃশ্যত আপ্লুত হৈ 'সাগৰ দেখিছা'ৰ কবি দেৱকান্ত বৰুৱা,'পথাৰৰ কবি' ৰাম গগৈ, নৱকান্ত বৰুৱা, গল্পকাৰ ড: মহেন্দ্ৰ বৰা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আদি স্বনামধন্য ব্যক্তিয়ে কবিতা লিখিছিল।কিন্তু স্ৰোতস্বিনী-- চঞ্চলা-চপলা কলং হৈ পৰিল ক্ষীণকায় । গৰু বিহুৰ দিনা গাই-বলধক নোওৱা--ধোওৱা কৰা কলং আজি তৰাং । নদীক কেন্দ্ৰ কৰিয়েই সমাজ পাতি মানুহে বসবাস কৰাত গঢ় লৈ উঠিছিল উন্নত সভ্যতা-সংস্কৃতি তথা গ্ৰাম্য অৰ্থনীতি ।
বাৰিষা কলঙৰ পানীয়ে এৰি থৈ যোৱা পশসে শইচে--মৎস্যে নদন--বদন হৈছিল কলংপৰীয়া ৰাইজৰ ভঁৰাল । যাতায়তৰ সুগম পথ হিচাপে পৌৰাণিক কালৰে পৰা নদীক মানুহে ব্যৱহাৰ কৰি আহিছে । জলপথেৰে অহা--যোৱা কৰাৰ ফলত আদান--প্ৰদান হৈছিল সংস্কৃতিৰ । কলং নদী নহ'লেও তাহানিতে স্ৰোতস্বিনী হৈ জন্মলাভ কৰা অসমৰ এটি সূঁতি । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মতে কলং শব্দটিৰ উৎপত্তি হৈছে কাৰ্বি শব্দ 'খালাং'ৰ পৰা । এই শব্দটোৰ অৰ্থ হৈছে 'বৈ থকা পানী'। স্ৰোতস্বিনী কলঙে ৰঙালী বিহুত নোওৱা মাহ--হালধিৰ পৰশ পাই ভৰ যৌৱনা গাভৰুৰ ৰূপ পাইছিল । কলঙত সাতুৰি-নাদুৰি যৌৱন পাৰ কৰা কলংপৰীয়া বৃদ্ধলোকৰ বাবে তাহানিৰ কলং এতিয়া 'নষ্টালজিয়া'।
নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ হাতীমূৰাৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ কাষৰ 'আৰিকটা' নামৰ ঠাইখনেই কলঙৰ উৎপত্তিস্থল । ভূগোলৰ সূত্ৰ অনুসৰি ব্ৰহ্মপুত্ৰ নদীৰ 'আৰিকটা' নামৰ ঠাইৰ পৰা ওলাই চঞ্চলা-চপলা কলং সূঁতি নগাঁও,মৰিগাঁও, কামৰূপ জিলাৰ কলংপৰীয়া ৰাইজৰ সুখ-দুখৰ সমভাগী হৈ চন্দ্ৰপুৰৰ সমীপৰ 'কাজলীমুখ'ত পুনৰ ব্ৰহ্মপুত্ৰ নদীত মিলিত হৈ পৰিছে । উল্লেখযোগ্য যে 'আৰিকটা'ৰ পৰা 'কাজলীমুখ'লৈ মুঠ দুৰত্ব প্ৰায় ১৫৮ কিলোমিটাৰ । কলঙৰ এই যাত্ৰাপথত সংগী হ'ল মিছা, ডিজু, ননৈ, হাৰিয়া আৰু কপিলী । জাতীয়তাবাদী ভাবধাৰাৰে 'সোণৰ অসম' গঢ়িব বুলি জন্ম দিয়া অসম আন্দোলনৰ ১৯৮৩ চনৰ ভাতৃঘাতী সংঘৰ্ষৰ ফলত হোৱা কলংপৰীয়া লোকৰ মৰ্মবেদনা বুকুত লৈ কলং আজিও বয় সংগোপনে ।
আহোম ৰাজত্বকালত মোগলসকলক দমন কৰিবৰ বাবে আহোমসকলে কলঙৰে ভটিয়াই আহি খাগৰিজান, ৰহা, জাগী আৰু কাজলীমুখত চকী পাতিছিল । তদুপৰি আহোম স্বৰ্গদেউসকলে ব্ৰহ্মপুত্ৰৰ পৰা কলঙৰে উজাই কলিয়াবৰৰ খবৰ লৈছিল । সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাও মৰিগাঁও জিলাত কলঙৰ সীমামূৰীয়া কপিলীপৰীয়া আহঁতগুৰিত 'ভূমিষ্ঠ' নহৈ 'নৌকাষ্ঠ' হোৱাৰ লগতে আনন্দৰাম ঢেকিয়াল ফুকন বৰপেটাৰ পৰা নগাঁৱলৈ বদলি হৈ আহোঁতে কলঙৰে আহিছিল । বৃটিছৰ শাসনকালত ১৮৪৭ চনত ১ হাজাৰ টকা ব্যয়ৰে নগাঁও চহৰৰ কলঙৰ ওপৰত প্ৰথমখন দলং নিৰ্মাণ কৰা হৈছিল ।
যিখন দলঙে আজিও পৰিচয় দাঙি ধৰিছে 'পুৰণা দলং' বুলি । কালক্ৰমত ঐতিহ্যমণ্ডিত কলঙলৈ বদনাম আনিলে প্ৰলয়ংকাৰী বানে । নগাঁও চহৰকে ধৰি দুয়োপাৰৰ গ্ৰামাঞ্চলত বানে তচনচ কৰিলে গ্ৰাম্য অৰ্থনীতি । ১৯৬৩-৬৪ চনত নগাঁও জিলাবাসীৰ পৰিত্ৰাণৰ উদ্দেশ্যেৰে বৰঘোপ পাহাৰৰ পৰা হাতীমূৰালৈকে ৰিং বান্ধ দি উৎপত্তিস্থলত কলঙৰ গতি ৰোধ কৰা হ'ল । ২০১৭চনৰ ১৩ আগষ্টৰ নিশা পুনৰ প্ৰলয়ংকৰী বানে এই বান্ধ ভাঙি পেলাইছিল ।
এনেদৰেই বহু উত্থান-পতনৰ সাক্ষী কলং । কলঙৰ মুখত শ্লুইছ গে'টৰ ব্যৱস্থা কৰি কলঙৰ বুকুৱেদি নিয়ন্ত্ৰিত হাৰত পানী বোৱাই অনাৰ ব্যৱস্থা কৰিলে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া ৰোধত সুবিধা হোৱাৰ উপৰি কলঙৰ গতিশীল ৰূপ ঘূৰাই আনিব পাৰি বুলি নগাঁৱৰ সচেতন মহলে মত প্ৰকাশ কৰিছে । তদুপৰি কলঙত নেটৰ ভেটা দি নিবনুৱাসকলক মীন পালনৰ ব্যৱস্থাৰে সংস্থাপিত কৰাৰ লগতে দুয়োপাৰত গছ-ফল-ফুলৰ বাগিচা স্থাপনকে ধৰি বিভিন্ন আঁচনি গ্ৰহণ কৰিব পৰা যায় ।
- Log in to post comments
- 913 views