ৱাহিদুদ জামান; নগাঁও, ১ এপ্ৰিল: একালৰ পৰম মিত্ৰ আৰু বৰ্তমান ৰাজনৈতিক শত্ৰু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাত আজি মুখৰ হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে আজি সংসদীয় সমষ্টিটোৰ অন্তৰ্গত জুৰীয়াৰ কদমনি টাউন খেল পথাৰত নিজ পুত্ৰ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ এক নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি কয়, "হিমন্তই কৈছিল মোদীৰ গুজৰাটৰ পাইপেৰে মুছলমানৰ তেজ বয় বুলি। তেতিয়া আমাক তেল মাৰিবলৈ মোদীৰ গুজৰাটৰ পাইপেৰে মুছলমানৰ তেজ বয় বুলি কৈছিল। এতিয়া তেওঁ হৰ হৰ হৈ গ'ল।এতিয়া সেই পাইপেৰে পানী বয়।তেওঁ এজন ব্লাফ মাষ্টৰ।এজন বিট্ৰেয়াৰ।আমাক যেনেকৈ ডেগাৰ মাৰি গুচি গ'ল, তেওঁ লোককো মাৰিব।বেছি দিন নাই। গগৈয়ে আৰু কয়,"হিমন্তই ৰকিবলক শেষ কৰিব বিচাৰে। ৰকিবুলক শেষ কৰিব নোৱাৰে, নিজেই শেষ হৈ যাব।বেইমানক কেতিয়াও ভগৱানে আৰ্শীবাদ নিদিয়ে।
এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিজয় নিশ্চিত বুলি দাবী কৰি গগৈয়ে কয়যে, ৰাইজৰ বিপুল সমাৱেশ আৰু সহাঁৰিয়েই তাক সাব্যস্ত কৰিছে।গগৈয়ে আৰু কয়," গৌৰৱ গগৈয়ে হিন্দু-মুছলমানৰ মিলনৰ কথা কয় ; অসমীয়া ভাষা-সংস্কৃতিৰ ৰক্ষাৰ কথা কয় আৰু বিজেপিয়ে বিভাজনৰ ৰাজনীতিৰে ধৰ্মীয় দৃষ্টিভংগীৰে কথা কয়। এয়াই কংগ্ৰেছ আৰু বিজেপিৰ মাজত পাৰ্থক্য।" জুৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত জুৰীয়া বজাৰস্থ কদমনি টাউন খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি বিজেপিক মিছা কথা কোৱাৰ দল বুলি মন্তব্য কৰি কয়, ১৬ মে'ৰ পিছত বিদেশীক টালিটোপোলা বান্ধিবলৈ কোৱা মোদীয়ে এতিয়া হিন্দু বাংলাদেশীক অসমলৈ আনিব বিচাৰিছে। কিন্তু আমি এই জাতিধ্বংসী বিলখনৰ বিৰোধীতা কৰি বাধা প্ৰদান কৰিছোঁ। " কংগ্ৰেছে কেতিয়াও ধৰ্মৰ নামত ৰাজনীতি নকৰে বুলি উল্লেখ কৰি গগৈয়ে লগতে কয়, বিজেপিয়ে মুছলমান মানেই বাংলাদেশী বুলি ভাৱে। যদি অসমত সঁচাই মুছলমান বাংলাদেশী আছে, তেন্তে মনে মনে আছে কিয়, তেওঁলোকক খেদি দেখুওৱাক। গগৈয়ে আৰু কয়, আমি কোনো ভাৰতীয় নাগৰিকক হাৰাশাস্তি হ'বলৈ নিদিও। আনকি, কোনো লোককে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'বলৈ নিদিও।বিজেপিয়ে মুছলমান সকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাবে ভাৱে।আমাৰ মতে ইয়াত থকা সকলো এক নম্বৰ ভাৰতীয়।বিজেপিৰ মতে মুছলমান মানেই বিদেশী।কংগ্ৰেছে প্ৰতিজন নাগৰিকক ভোটাৰ পৰিচয় পত্ৰ দিয়াৰ বাবেই বিশেষকৈ কোনো মুছলমান লোক হাৰাশাস্তিৰ সন্মুখীন হোৱা নাই।" গগৈয়ে আইএম ডিটি আইন বাতিলৰ প্ৰসংগ উল্লেখ কৰি কয়," আইনখন বাতিলৰ পিছতো কোনো ধৰ্মীয় সংখ্যালঘু লোকক হাৰাশাস্তিৰ সন্মুখীন হ'বলৈ দিয়া নাই।" প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে এন আৰ চিৰ কাম প্ৰথমে কংগ্ৰেছে আৰম্ভ কৰিছিল বুলি উল্লেখ কৰি কয় যে , ভোটাৰ তালিকাত নাম থকা সকলো ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা উচিত।"গগৈয়ে কয়," মোৰ বয়স এতিয়া ৮৫ বছৰ যদিও তথাপিও মই আৰু বেছি দিন জীয়াই থাকিম। আপোনালোকৰ মাজত মই সদায়ে থাকিম আৰু কোনো ভাৰতীয় নাগৰিকক হাৰাশাস্তি হবলৈ নিদিও।" সভাত ভাষণ দি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয় ,"বিজেপিয়ে সৰ্বসাধাৰণ ৰাইজক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। কৃষকৰ খাজানা এশ শতাংশ বৃদ্ধি কৰিলে। ১৫ লাখকৈ টকা দিম বুলি নিদিলে।প্ৰতি বছৰে ২কোটি চাকৰি দিম বুলি কৈ নিদিলে। এওঁলোক প্ৰতাৰক। এজনো ৰাইজে এজিপি-বিজেপিক ভোট নিদিব।নিজৰ ভৱিষ্যতৰ কথা ভাৱিয়েই ভোট নিদিব। আমি কৃষকৰ কৃষি ঋণ মাফ কৰি দিম।কৃষকৰ বিদ্যুৎ মাচুল মাফ কৰি দিম। আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে কয় ,"উন্নতি আৰু প্ৰগতি বিজেপিৰ কাৰণে মুখা। আচ্ছে দিনৰ কথা কৈ কৃষকৰ খাজানা বঢ়ালে, ৰন্ধন গেছৰ দাম এহেজাৰ টকা কৰিলে। মোৰ বিৰুদ্ধে অগপ বিজেপি ঠিয় হৈছে। মোৰ বিৰুদ্ধে ঠিয় হৈছে এজিপি বিজেপিক গোপনে সহায় কৰা এ আই ইউ ডি এফ দল।মোৰ বিৰুদ্ধে ঠিয় হৈ আছে এটা দুটা মিডিয়া চেনেলৰ মালিক।কিন্তু এই বাৰ কংগ্ৰেছেই জিকিব।" সভাত ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদায়েও ভাষণ দিয়ে।
- Log in to post comments
- 10 views