কি যুক্তিত বিশ্বাস কৰিম বিদেশী হিন্দুৱে অসমীয়া হিন্দুক ৰক্ষা কৰিব?

কি যুক্তিত বিশ্বাস কৰিম বিদেশী হিন্দুৱে অসমীয়া হিন্দুক ৰক্ষা কৰিব?

ডাঃ নৱনীল বৰুৱা

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ক সমৰ্থন কৰিবলৈ গৈ এচাম জাতিদ্ৰোহী অসমীয়াই কিছু টুলুঙা যুক্তি দি কিছুমানক বিভ্ৰান্ত কৰাৰ অপচেষ্টা চলাই আছে৷ প্ৰথম কথা কোৱা হয় যে বিধেয়কখন অসমকেন্দ্ৰিক নহয়৷ তেওঁলোকে হয় নেজানে নহয় লুকুৱাইছে যে পাকিস্তানী হিন্দুক নাগৰিকত্ব দিয়াৰ আইন উত্তৰ ভাৰতৰ বেছিভাগ ৰাজ্যতে আছে আৰু দিয়াও হৈছে৷ তেনেস্থলত এই বিধেয়কে অকল যে অসমকে ক্ষতি কৰিব, তাত কোনো সন্দেহৰ অৱকাশ নাই৷ প্ৰস্তাৱিত বিধেয়কত ক'তো বিদেশীৰ সমবিতৰণৰ কথা নাই৷ দ্বিতীয়তে, বিধেয়কখনত অন্য ৰাজ্যত সংস্থাপন কৰিলে তাৰপৰা অসমলৈ গুচি আহিব নোৱাৰিব বুলি কোনো কথা নাই!

কি যুক্তিত বিশ্বাস কৰিম বিদেশী হিন্দুৱে অসমীয়া হিন্দুক ৰক্ষা কৰিব?

বিধেয়কখনত অকল নাগৰিকত্বই নহয়, বিদেশীক শিক্ষাৰ ক্ষেত্ৰত বিশেষ সংৰক্ষণৰো কথা আছে৷ ইয়াৰ অৰ্থ, আমাৰ ল'ৰা-ছোৱালীহঁতৰ ভাগৰ কলেজৰ আসনো এই বিদেশীয়ে কাঢ়ি নিব৷ অকল বিদেশৰ পৰা নতুন হিন্দু বঙালীকেই যে আনিব সেয়াও নহয়, অসমত থকা সকলো বেআইনী বিদেশী প্ৰব্ৰজনকাৰীক ধৰ্মৰ ভিত্তিত বৈধতা দিয়া হ’ব৷ অৰ্থাৎ প্ৰমাণিত বিদেশীকেইটাৰ মাজৰ হিন্দুকেইটা ডিটেনচন কেম্পৰ পৰা ওলাই আহি খিলঞ্জীয়াৰ সমান অধিকাৰ পাব৷ 

কি যুক্তিত বিশ্বাস কৰিম বিদেশী হিন্দুৱে অসমীয়া হিন্দুক ৰক্ষা কৰিব?

এতিয়া আহোঁ আঁভুৱাবোৰলৈ৷ অসমত থকা পূৰ্ববংগীয় মূলৰ বড়ো, কছাৰী, হাজংসকলে নাগৰিকত্ব পাব বা তাত থকাসকল ভাৰতলৈ আহিব পাৰিব৷ ইয়াতকৈ হাস্যকৰ আৰু কিবা কথা থাকিব পাৰেনে? দেশ বিভাজনৰ সময়ত যিসকল অসমীয়া তাৰ পৰা আহিবলৈ আছিল, তেওঁলোক বৈধভাৱে কেতিয়াবাই আহিল৷ আৰু কোনোবা তেনে লোকে যদি এতিয়াও নাগৰিকত্বৰ অধিকাৰ পোৱা নাই, দেশৰ প্ৰচলিত নাগৰিকত্ব আইনৰ আধাৰতেই তেওঁলোকে পাব, সংশোধনীৰ কি প্ৰয়োজন? আৰু এতিয়াও যদি তেনে অসমীয়া বাংলাদেশত আছে, স্বাধীনতাৰ ৭০ বছৰৰ পাছত তেওঁলোক বাৰু কিয় আহিবলৈ ইচ্ছা কৰিব? আহিব খুজিলেও প্ৰচলিত আইন অনুসৰি আহিব পাৰিব৷ আৰু এটা কথা, যদি কোনো বড়ো, হাজং ইত্যাদি মুছলমান হৈছে, তেনেহ'লে নাপায় নাগৰিকত্ব। বিধেয়কখনৰ মতে, অবৈধ তথা নতুনকৈ আহিবলগা বাংলাদেশীবোৰ ধৰ্মীয় নিৰ্যাতিত হ'ব লাগে। কেনেকৈ নিৰূপণ কৰিব নিৰ্যাতিত হয় বুলি? 

কি যুক্তিত বিশ্বাস কৰিম বিদেশী হিন্দুৱে অসমীয়া হিন্দুক ৰক্ষা কৰিব?
আৰু এটা কথা কোৱা হৈছে যে হিন্দু বাংলাদেশীয়ে অসমীয়া মাধ্যমত পঢ়া-শুনা কৰি অসমীয়া জাতিত বিলীন হৈ যাব৷ বিধেয়কখনত তেনে কোনো কথা সন্নিৱিষ্ট কৰা আছেনে? ইতিহাসে কি কয়? হিন্দু বঙালী অসমলৈ অহা ২০০ বছৰ হ’ল (কৃষ্ণ গোপালক বাদ দি), আজিলৈকে কেইজনে অসমীয়া জাতিত বিলীন হ’ল? কেইজনে লোকপিয়লত নিজকে অসমীয়া বুলি ক’লে? ডিমাচাসকলৰ পৰা কাঢ়ি লোৱা কাছাৰত চৰকাৰী ভাষা কি? ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশ্ববিদ্যালয়ত বঙালী বিভাগ আছে, শিলচৰৰ অসম বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ আছেনে? ইমানৰ পাছতো এই বিদেশী বঙালীখিনি অসমীয়া জাতিত বিলীন হ’ব বুলি ভাবিবলৈ মোৰ দৰে "ইডিয়ট" তথা "ৰাস্কেলো" প্ৰস্তুত নহয়, অন্যতো বাদেই৷ যিসকল অবৈধ হিন্দু বাংলাদেশী ইয়াত আছে, তেওঁলোকে বাৰু ধৰা নপৰালৈকে অসমীয়া মাধ্যমত পঢ়িছিলনে? তেনেহ'লে কি যুক্তিত আমি মানিম যে তেওঁলোকক নাগৰিকত্ব দিলেই অসমীয়া হৈ যাব?

কি যুক্তিত বিশ্বাস কৰিম বিদেশী হিন্দুৱে অসমীয়া হিন্দুক ৰক্ষা কৰিব?

 
কিছুমানে বুজাব খোজে যে আমি ভাষাৰ ভিত্তিত নেবাচো, বাচিম ধৰ্মৰ ভিত্তিতহে৷ উদাহৰণ দিয়া হয় কাশ্মীৰ, পঞ্জাব আৰু বংগৰ৷ এতিয়া প্ৰশ্ন হয়, এই তিনিখন প্ৰদেশ নিজৰ মাজত কাজিয়া কৰি দুভাগ হৈছিল নে অন্য কোনোৱে ভাগ কৰিছিল? ধৰ্মই যদি ৰক্ষা কৱচ, পাকিস্তান কিয় নিজৰ মাজত কাজিয়া কৰি দুভাগ হ’ল? কিয় হিন্দু ৰাষ্ট্ৰ নেপাল আমাতকৈ চীন দেশৰ বেছি মৈত্ৰী? কিয় মধ্য প্ৰাচ্যত একে ধৰ্মীয় দেশবোৰে যুদ্ধ কৰে? 

কি যুক্তিত বিশ্বাস কৰিম বিদেশী হিন্দুৱে অসমীয়া হিন্দুক ৰক্ষা কৰিব?
আকৌ কোৱা হয় যে হিন্দু বাংলাদেশী আনি হিন্দুৰ সংখ্যা নবঢ়ালে আমাৰ অৱস্থা কাশ্মীৰী পণ্ডিতৰ লেখীয়া হ’ব৷ পাকিস্তানী সন্ত্ৰাসবাদী নহালৈকে কাশ্মীৰী পণ্ডিতসকলৰ কিবা অসুবিধা হৈছিলনে? বিদেশী কাবালি নহালৈকে পণ্ডিতসকল তাৰ ৰজা নাছিলনে? 
ইমান দূৰৈৰ কাশ্মীৰৰ পণ্ডিতৰ দুখ দেখাবোৰে ত্ৰিপুৰাৰ ক্ষেত্ৰত কেনেকৈ অন্ধ হৈ যায়? এতিয়াওতো বেছিভাগ ত্ৰিপুৰী হিন্দু৷ পাৰিলে জানো তেওঁলোকক ধৰ্মই ৰক্ষা কৰিব? বাচিল জানো কাছাৰৰ ডিমাচা হিন্দু? 

কি যুক্তিত বিশ্বাস কৰিম বিদেশী হিন্দুৱে অসমীয়া হিন্দুক ৰক্ষা কৰিব?
এইবাৰ আহোঁ '৫১-'৭১ৰ কথালৈ৷ অসম আন্দোলন হৈছিল বিদেশী খেদাক লৈ৷ আন্দোলনকাৰীয়ে ৫১ বিচাৰিছিল যদিও ৭১ চুক্তি কৰিবলগা হ'ল৷ কাৰণ আন্দোলন দুৰ্বল হৈ আহিছিল আৰু সঁহাৰি কমি আহিছিল৷ এতিয়াও '৫১ৰ সপক্ষে গোচৰ চলি আছে৷ গোচৰৰ নিৰ্ণয় নহালৈকে অন্ততঃ সকলো পক্ষৰে সহমত হোৱা '৭১লৈ৷ কাম কি চক্ৰান্তত বন্ধ কৰিব খোজা হৈছে, মুছলিমতকৈ হিন্দু বিদেশী বেছি ওলাব বুলি ভয়ত নহয়তো? 

কি যুক্তিত বিশ্বাস কৰিম বিদেশী হিন্দুৱে অসমীয়া হিন্দুক ৰক্ষা কৰিব?

আজিৰ ৰামসিংহৰ অসমীয়া সৈনিকসকলে প্ৰায়েই উচ্চাৰণ কৰে ৮৫৫জন ছহিদৰ কথা৷ অসম আন্দোলন আমি বিদেশী খেদা আন্দোলন কৰিছিলোঁ, য'ত দেশৰ স্বাৰ্থ জড়িত আছিল৷ এই বাংলাদেশী খেদা আন্দোলনৰ ছহিদৰ তালিকাত হিন্দু, মুছলমান আৰু শিখ আছে৷ তাত এজনো অনা অসমীয়া, অসমৰ স্থায়ী বাসিন্দা, হিন্দু আছেনে? বাংলাদেশী খেদা আন্দোলনত, দেশৰ স্বাৰ্থত, অসমীয়াৰ লগত, এজনো বঙালী, মাৰোৱাৰী, বিহাৰী একেলগে থিয় দিছিলনে? যদি ইমান ডাঙৰ, ভাৰতীয় স্বাৰ্থ জড়িত আন্দোলনত এইসকল হিন্দুৱে অসমীয়া হিন্দুৰ লগত যোগ নিদিলে, কি যুক্তিত বিশ্বাস কৰিম যে এতিয়া বিদেশী হিন্দুৱে অসমীয়া হিন্দুক ৰক্ষা কৰিব?

Your Comments