অসমৰ এটা জনগোষ্ঠী তিৱাসকলৰ গৌৰৱৰ ইতিহাস গোভা ৰাজ্যৰ পৌৰাণিক স্মৃতি আজিও সিঁচৰতি হৈ আছে নগাওঁ জিলাৰ কামপুৰৰ বুন্দুৰা গাঁৱত । নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দেৱনাৰিকলি আৰু বুন্দুৰা কিচামত গোভা ৰজাৰ স্মৃতি বিজড়িত বহুতো সমল আছে । ইয়াত মাটিত পোত খাই থকা নানা মূৰ্তি, ভগ্ন অৱস্থাত থকা সৰু-বৰ আলি আৰু বিভিন্ন সামগ্ৰী, বহুতো পুখুৰী অসুৰক্ষিত অৱস্থাত থকাৰ উপৰি দেৱনাৰিকলি কিচামত "গোভা ৰজাৰ বাৰি" নামৰ এলেকা এটিও আছে ।
বুন্দুৰা আৰু দেৱনাৰিকলি কিচামত পৌৰাণিক শিলৰ মূৰ্তিৰ লগতে ইটাৰে নিৰ্মিত ভাস্কৰ্য । কামপুৰ চক্ৰৰ বুন্দুৰা আৰু বুটিকুৰা মধ্যত "ধনতুলা থান"ৰূপে খ্যাত শিলৰ মূৰ্তিবোৰে পৌৰাণিক গোভা ৰাজ্যৰ ভাস্কৰ্যক ধৰি ৰাখিছে । ধনতোলা থানৰ আশেপাশে উদ্ধাৰ হোৱা প্ৰাচীন মূৰ্তিসমূহৰ পৰা আমি সেই ঠাইৰ পৌৰাণিক, ধৰ্মীয়, সাহিত্য-সংস্কৃতিৰ লগতে ৰাজনৈতিক অৱস্থাটোৰ বিষয়ে জানিব পাৰোঁ৷ ইয়াত উদ্ধাৰ হোৱা শিলৰ মূৰ্তিসমূহৰ ভিতৰত দেৱ-দেৱীৰ মূৰ্তি, বৌদ্ধ মূৰ্তি, হস্তী দমনত সিংহ, হনুমান, শিৱলিংগ আদি বিভিন্ন কাৰুকাৰ্যৰে নিৰ্মাণ কৰা মূৰ্তি আছে । ইয়াৰ আশেপাশে প্ৰায় ১২টা পুখুৰী আছে, যি গোভা ৰজাৰ ঐতিহাসিক স্মৃতিৰ নিদৰ্শন বুলি স্থানীয় লোকে ক'ব খোজে ।
স্থানীয় লোকৰ মতে বুন্দুৰা বুটিকুৰা অঞ্চলত আজিও বিদ্যমান এই পুখুৰীবোৰ ৰজাই সাধাৰণ প্ৰজাগণৰ লগতে ৰাজভৱনত থকা তেওঁৰ সহচৰ ৰণুৱা-বনুৱাসকলৰ খোৱাপানীৰ সুবিধাৰ বাবে নিৰ্মাণ কৰিছিল । কিন্তু দুখৰ কথা, সংৰক্ষণৰ অভাৱত আৰু কিছুমান অসাধু লোকে চলোৱা বেদখলৰ ফলত বহুকেইটা পুখুৰীৰ চিন-চাব নোহোৱা হ'ল ।
কথিত আছে যে লালুং বা তিৱা ৰজা এজনে জয়ন্তীয়া ৰাজ্যৰ পৰা আহি বুন্দুৰাত এখন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । তেওঁৰ গদাধৰ বা গংগাধৰ সিংহ নামৰ এজন পুত্ৰ আছিল । তেওঁ ৰূপৱান হোৱাৰ লগতে বীৰ-পৰাক্ৰমীও আছিল । গদাধৰ সিংহ প্ৰায়েই আবেলি ক্ষণত ৰাজ্যৰ ন ন ঠাইত ঘোঁৰাত উঠি ভ্ৰমণ কৰা অভ্যাসগত কাৰ্য আছিল । এদিন তেওঁ কপিলী নৈৰ পাৰত ভ্ৰমণ কৰি থাঁকোতে এগৰাকী যুৱতীৰ সৈতে সাক্ষাৎ হয় । যুৱতীগৰাকীৰ ৰূপত গদাধৰ সিংহ মুগ্ধ হৈ নিজৰ পৰিচয় দাঙি ধৰাৰ লগতে যুৱতীগৰাকীৰো পৰিচয় জানিব পাৰিলে আৰু ভালপোৱাৰ কথা ব্যক্ত কৰিলে ।
যুৱতীগৰাকীয়েও প্ৰেমৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰিলে আৰু তেওঁলোকৰ মাজত এক সুমধুৰ সম্পৰ্ক গঢ় লৈ উঠিল । দুয়োৰে গোপন প্ৰেমৰ কথা ৰজাই জানিব পাৰি ইয়াৰ সত্যতাৰ প্ৰমাণৰ বাবে এগৰাকী বিষয়া নিয়োজিত কৰে । এদিন বিষয়াগৰাকীয়ে গছৰ আঁৰৰ পৰা গদাধৰ সিংহ আৰু যুৱতীগৰাকীৰ গোপন প্ৰেমৰ কথা জানিব পাৰি ৰজাৰ আগত ব্যক্ত কৰিলে ।
ৰজাৰ পুত্ৰৰ লগত এগৰাকী সাধাৰণ যুৱতীৰ প্ৰেমক ৰজাই তিলমানো মানি ল'ব পৰা নাছিল আৰু সেইবাবে তেওঁ খং আৰু দুখত ম্ৰিয়মাণ হৈ বিষয়াবৰ্গক মাতি আনিলে আৰু যুৱতীগৰাকীক হত্যা কৰিবলৈ আদেশ দিলে । ৰজাৰ কথা শিলৰ ৰেখা; সেইবাবে বিষয়াবৰ্গই ৰজাৰ আদেশত যুৱতীগৰাকীক ঘৰৰ পৰা উলিয়াই আনি নৈৰ সিটো পাৰত হত্যা কৰি পুতি থ'লে ।
কথিত আছে যে ৰজাৰ পুত্ৰই যুৱতীগৰাকীক বিয়া কৰোৱাৰ মনেৰে অলংকাৰপাতি উপহাৰস্বৰূপে দিছিল । ৰজাই বংশৰ দুৰ্নাম আৰু সন্মানৰ স্বাৰ্থত এই ঠাই ত্যাগ কৰাৰ সিদ্ধান্ত লয় আৰু পুত্ৰৰ প্ৰায়শ্চিত্তৰ বাবে গাহৰি মাৰি ভোজ-ভাত খুৱাই নতুন ঠাইলৈ যাবলৈ সিদ্ধান্ত ঘোষণা কৰে । এগৰাকী সাধাৰণ নাৰী বা মহিলাৰ বাবে গোভাৰাজ্য 'কাল' বা 'কলি' হোৱা যেন পাই আৰু নদীৰ সিপাৰে নাৰীগৰাকীক পুতি থোৱাৰ বাবে কাষৰ বিলখনৰ নাম নাৰিকলি হোৱা বুলি এক জনশ্ৰুতি আছে । এই ঘটনাৰ পিছতে ৰজাই বৰ্তমানৰ নেলীৰ কাষত ৰাজধানী পাতি গোভা ৰাজ্য স্থাপন কৰিছিল ৷
বৰ্তমান 'গোভা ৰজাৰ বাৰি'য়েই ৰাজমহল আছিল । ৰজাই দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰিছিল আৰু এই থানখন বৰ্তমান ধনতোলা আটিত আছে । গোভা ৰজাৰ এটা বস্ত্ৰশিল্পৰ চিহ্ন আজিও মাটিত পোত গৈ আছে । তেওঁ এই বস্ত্ৰ শিল্পৰ সঁজুলিসমূহ শিলৰ আছিল । ইয়াতেই ৰজাই খন্দা ১২টাৰো অধিক পুখুৰী আছে ।
সেই পুখুৰীসমূহ ক্ৰমে ১) গোভা ৰজা পুখুৰী, ২)কৰাইখোৱা পুখুৰী, ৩)ধনতোলা পুখুৰী, ৪)দেওশাল পুখুৰী, ৫)নাওচৰা পুখুৰী, ৬)শিলপোতা পুখুৰী, ৭)বনুৱা পুখুৰী, ৮)চকাপৰা পুখুৰী, ৯)ঔগুৰি পুখুৰী, ১০)আটি পুখুৰী, ১১)বৰিয়া বা গৰিয়া পুখুৰী, ১২)মাজ পুখুৰী । ৰাজমহলৰ উত্তৰ দিশত ৰাজপৰিয়ালৰ ব্যৱহাৰোপযোগী এটা ডাঙৰ পুখুৰী খন্দাইছিল । এইবোৰৰ উপৰি ইয়াত ৰাজমহলৰ ৰান্ধনিশালৰ ইটাৰ চৌকা, ব্ৰঞ্জেৰে নিৰ্মিত চতুৰ্ভুজ মূৰ্তি, অৰ্ধ নাৰী আৰু পুৰুষৰ মূৰ্তি, সৰু-ডাঙৰ বিভিন্ন আলি-পদূলি আদিয়ে গোভা ৰাজ্যৰ ঐতিহাসিক স্মৃতিৰ স্বাক্ষৰ বহন কৰিছে ।
ধনতোলা নামৰ উৎপত্তি
জানিব পৰামতে আৰু ১৮৫১-৫৩ চনত অনুসন্ধানমূলক তথ্যত উল্লেখ থকা অনুসৰি বৃটিছে কৰ সংগ্ৰহ কৰিবৰ বাবে অবিভক্ত নগাঁও জিলাখনক ১৪টা মহলত ভগাই লৈছিল । তাৰে এটা মহল যমুনামুখ । আৰু এই মহলটোত ২৮টা চাৰ্কোল আছিল । তাৰে এটা চাৰ্কোল হ'ল দেউনাৰিকলি চাৰ্কোল । জানিব পৰামতে এই চাৰ্কোলটোৰ কৰ সংগ্ৰহৰ দ্বায়িত্ব ধিৰ লস্কৰ নামৰ এজনক দিছিল । তেখেতে এই বুন্দুৰাৰ এই ঠাইত থাকি ধন সংগ্ৰহ কৰাৰ বাবে ঠাইখনৰ নাম ধনতোলা হোৱা বুলি কথিত আছে ।
গনেশয়ানী থান
ধনতোলা থানত থকা দেৱী মূৰ্তিক গনেশয়ানী দেৱী বুলি পূৰ্বতে পূজা কৰিছিল । উল্লেখ্য যে পূৰ্বতে অতি অতব্য জংঘলেৰে ভৰপুৰ অঞ্চলটোত হাতীয়ে খেতি-বাতি খাই সন্ত্ৰাস চলাইছিল । হাতীক সন্তুষ্ট কৰিবৰ বাবে পূজা-অৰ্চনা কৰাৰ বাবে থানখনৰ নাম গনেশয়ানী থান হয় বুলি কথিত আছে । কিন্তু পিছত ১৯৮০ চনত গুৱাহাটীৰ ৰাজ্যিক সংগ্ৰহালয়ে মূৰ্তিকেইটাক সীতা, লৱ-কুশ আৰু বাল্মিকীৰ বুলি চিনাক্ত কৰে । এই শিলামূৰ্তি ৯ মাৰ্চ, ২০০৯ চনত বৌদ্ধ পূৰ্ণিমাৰ দিনা মন্দিৰত স্থাপন কৰা হয় ।
বামুণী গোঁসাই থান
ধনতোলা থানৰ দক্ষিণ-পশ্চিম দিশত বামুণী গোঁসাই থান অৱস্থিত । ৰজাৰ দিনত তাঁতশিল্পই প্ৰাধান্য পাইছিল । স্থানীয় লোকেও সেই স্থানত তাঁতশিল্প থকা বুলি মন্তব্য কৰে ।
হনুমান মন্দিৰ
ধনতোলা থানৰ উত্তৰ কোণত পোৱা যায় হনুমান মন্দিৰ । ইয়াত থকা হনুমানৰ শিলৰ মূৰ্তিটো ২০০৮ চনৰ ২৮ এপিলত মন্দিৰত প্ৰতিষ্ঠা কৰে । শ্ৰীৰাম আৰু হনুমান মন্দিৰৰ পূব-উত্তৰ দিশত লক্ষ্মী থান আৰু ধনতোলা শ্ৰীশ্ৰী ৰাম আৰু হনুমান মন্দিৰৰ পশ্চিম দিশত শ্ৰীশ্ৰী শিৱ মন্দিৰ আছে ।
পৰিতাপৰ বিষয় এয়ে যে বৰ্তমান ধনতোলা থানৰ পৌৰাণিক কীৰ্তিচিহ্নসমূহ অসুৰক্ষিত অৱস্থাত আছে লগতে ইয়াত থকা পুখুৰীসমূহৰ অতি কমসংখ্যক পুখুৰীহে পৰিষ্কাৰ অৱস্থাত আছে, সৰহসংখ্যক পুখুৰীয়েই পুনি আৰু পানী মেটেকাৰে ভৰি আছে ।
ইয়াৰ লগতে কামপুৰৰ পৰা দেৱনাৰিকলি হৈ ৰহা সংযোগী পথৰ অৱস্থা অতিকৈ শোচনীয় । চৰকাৰে এইক্ষেত্ৰত কোনো পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হোৱা নাই । যদিহে চৰকাৰে এইবোৰৰ ওপৰত সুন্দৰ পদক্ষেপ হাতত লয় তেন্তে ধনতোলা থানে অসমৰ মানচিত্ৰত স্থান পাব বুলি আশা কৰিব পাৰি ।
(চিত্ৰ দেউৰীয়ে সম্পাদনা কৰা প্ৰাচীন গোভা ৰাজ্যৰ ধনতোলা থানৰ ইতিবৃত্ত আৰু স্থানীয় লোকৰ পৰা তথ্যসমূহ সংগ্ৰহ কৰা হৈছে)
- Log in to post comments
- 226 views