ভাৰতীয় মূলৰ গণিতজ্ঞ অক্ষয় ভেংকটেশলৈ নোবেল স্বৰূপ 'ফিল্ড মেডেল' বঁটা

ভাৰতীয় মূলৰ গণিতজ্ঞ অক্ষয় ভেংকটেশলৈ নোবেল স্বৰূপ 'ফিল্ড মেডেল' বঁটা

ভাৰতীয় মূলৰ প্ৰসিদ্ধ গণিতজ্ঞ অক্ষয় ভেংকটেশে লাভ কৰিছে সন্মানীয় 'ফিল্ড মেডেল' বঁটা৷ অংকশাস্ত্ৰৰ নোবেল বঁটা হিচাপে অভিহিত এই বঁটা ভেংকটেশৰ উপৰি লাভ কৰিছে আন চাৰিগৰাকী গণিতজ্ঞই৷

উল্লেখ্য যে নতুন দিল্লীত জন্ম গ্ৰহণ কৰা আৰু বৰ্তমান অষ্ট্ৰেলিয়াৰ ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰ'ফেছৰ ৩৬ বছৰীয়া ভেংকটেশে ২০ বছৰ বয়সতে পি এইড ডি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল৷ ভেংকটেশে ডক্টৰেটৰ বাবে মেছাছুৱেট ইনষ্টিটিউচন অব্‌ টেকন’লজীত গৱেষণা কৰিছিল৷

তেওঁৰ কৰ্মক্ষেত্ৰ হ'ল সংখ্যা তত্ত্ব, জ্যামিতি, টপ’লজী, অট’মৰফিক ফৰ্ম আৰু এৰগ'ডিক তত্ত্ব৷ এই বঁটাটোৰ মূল্য হ'ল ৪ হাজাৰ ডলাৰ আৰু ৪ বছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰা হয়৷
 

Your Comments