দুৰ্নীতিৰ বিৰুদ্ধে মুখ্য মন্ত্ৰীৰ শূন্য সহনশীলতা নীতি ফুটুকাৰ ফেনত পৰিণত হ'ল : দীপাংক নাথ

দুৰ্নীতিৰ বিৰুদ্ধে মুখ্য মন্ত্ৰীৰ শূন্য সহনশীলতা নীতি ফুটুকাৰ ফেনত পৰিণত হ'ল : দীপাংক নাথ

'এইগৰাকী মুখ্যমন্ত্ৰীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে দুৰ্নীতিক পুলিয়ে-পোখাই উৎখাত কৰাৰ কাৰণে তেওঁলোকে সিদ্ধান্ত  গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল৷ দুৰ্নীতিৰ ক্ষেত্ৰত সহনশীলতাৰ নীতি লোৱাৰ কথা কৈছিল৷ কিন্তু এই সকলো কথা ফুটুকাৰ ফেন হ'ল৷' এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ৷ দেওবাৰে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিৰ সহযোগত বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত জাতীয় অভিৱৰ্তনত অংশগ্ৰহণ কৰিবলৈ আহি এই মন্তব্য কৰে৷ উল্লেখ্য যে শেহতীয়াভাৱে খোদ মুখ্য মন্ত্ৰীৰ অধীনত থকা তথ্য আৰু জনসংযোগ বিভাগৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম আৰু খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাত সাংবাদিকে আছুৰ সভাপতিগৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত সভাপতি নাথে কয়, 'আমি এই কথাটোত আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে খোদ মুখ্য মন্ত্ৰীৰ হাতত থকা জনসংযোগৰ দৰে এটা বিভাগত দুৰ্নীতি হোৱা বুলি অভিযোগ উঠিছে৷

লগতে গ্ৰামন্নোয়ন আৰু পঞ্চায়ত বিভাগটোতো ব্যাপক দুৰ্নীতি হোৱা বুলি বিভিন্ন অভিযোগ উঠিছে৷ মানুহৰ নামসহকাৰে তালিকা বাতৰিকাকতত প্ৰকাশ হৈছে৷ তৎসত্ত্বেও এতিয়ালৈকে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ তদন্তৰ খাতিৰত তেওঁলোকে তদন্ত ঘোষণা কৰিছে যদিও সেই তদন্তই যে অসমৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক বিশ্বাসত আনিব নোৱাৰে সেই কথা স্পষ্ট৷' আছুৰ সভাপতিগৰাকীয়ে লগতে বিভাগ দুটাত নিযুক্তিৰ নামত হোৱা দুৰ্নীতিৰ তদন্তৰ দাবী উত্থাপন কৰি কয়, 'সেই কাৰণে আমি ক'ব খুজিছোঁ যে এই গোটেই বিষয়টোৰ তদন্তৰ ভাৰ মহামান্য উচ্চ ন্যায়ালয়ৰ এগৰাকী কৰ্তব্যৰত ন্যায়াধীশৰ জৰিয়তে কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু অসম চৰকাৰে এই ব্যৱস্থা কৰিলেহে অসমৰ মানুহ আশ্বস্ত হ'ব৷

কিন্তু অসমৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি এইধৰণৰ পিছদুৱাৰেদি এই যি কাম কৰাৰ অভিযোগ আহিছে, এই অভিযোগৰ সত্যাসত্য প্ৰমাণ কৰিবলৈ একমাত্ৰ কৰ্তব্যৰত মহামান্য উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে এই কাম কৰিলেহে অসমৰ মানুহ সন্তুষ্ট হ'ব, সদৌ অসম ছাত্ৰ সন্থা সন্তুষ্ট হ'ব৷ অন্যথা ইয়াৰ পৰিণাম ভয়াৱহ হ'ব৷ কাৰণ মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাই প্ৰথম এইগৰাকী মুখ্য মন্ত্ৰীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে দুৰ্নীতিক পুলিয়ে-পোখাই উৎখাত কৰাৰ কাৰণে তেওঁলোকে সিদ্বান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈছিল৷ কিন্তু এই সকলো কথা ফুটুকাৰ ফেন হ'ল৷ গতিকে খোদ তেওঁৰ নিজৰ কাৰ্যালয়ত দুৰ্নীতি হৈছে, তেওঁৰ নিজৰ বিভাগত দুৰ্নীতি হৈছে৷ এই অভিযোগ অসমৰ প্ৰতিখন বাতৰিকাকতত প্ৰকাশ হৈছে৷ তৎসত্ত্বেও যদি এই বিষয়টোলৈ তেওঁলোক অলপো চিন্তিত নহয় বা অসমৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক আশ্বস্ত কৰিব নোৱাৰে, তেতিয়াহ'লে কিন্তু এই চৰকাৰখন বিফল৷' 


আনহাতে,  বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰিবলৈ প্ৰচেষ্টা চলাই অসমবাসীক কৰা প্ৰতাৰণাৰ পিচত  লোকসভা নিৰ্বাচনত আছুৰ স্থিতি কি হ'ব বুলি সাংবাদিকে জানিব বিচৰাত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয়, 'সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতি স্পষ্ট কৰি ক'ব খুজিছোঁ যে সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় ছাত্ৰ সংগঠনে আমি একত্ৰিতভাৱে সিদ্বান্ত লৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছিলোঁ আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজনৈতিক দলে আৰু অসমৰো বিভিন্ন ৰাজনৈতিক দল, উত্তৰ-পূৰ্বাঞ্চলৰো বিভিন্ন ৰাজনৈতিক দল তথা সকলোৱে লগ লাগি এই বিলখনৰ বিৰোধিতা কৰাৰ কাৰণেই আজি এই বিলখন তেওঁলোকে ৰাজ্যসভাত গৃহীত কৰিব নোৱাৰিলে৷

এতিয়া কথা হ'ল, এই বিলখন যেতিয়া ৰাজ্যসভাত গৃহীত কৰিব নোৱাৰিলে পৰৱৰ্তী পৰ্যায়ত বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে  লখিমপুৰলৈ আহি কৈ গৈছে যে তেওঁলোকৰ চৰকাৰ যদি গঠন হয়, তেতিয়াহ'লে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কখন আনিবই৷ গতিকে এনেকুৱা অৱস্থাত অসমৰ জনসাধাৰণে এতিয়া সিদ্বান্ত লোৱাৰ সময়৷ অসমৰ জনসাধাৰণে সিদ্বান্ত ল'ব লাগিব যে আচলতে আমি আমাৰ জাতি-জনগোষ্ঠীসমূহক নিৰাপত্তাহীনতাত ভোগাম নে আমাৰ জাতি-জনগোষ্ঠীক একত্ৰিত হৈ পেলাই আগবাঢ়ি যোৱাৰ কাৰণে আমি চিন্তা কৰিম৷ গতিকে গোটেই দায়িত্বটো এতিয়া অসমৰ জনসাধাৰণৰ৷

আমি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰাৰ কাৰণে অসমৰ প্ৰতিটো শ্ৰেণীৰ জনসাধাৰণে, প্ৰত্যেকটো সংগঠন আৰু বুদ্ধিজীৱী একত্ৰিতভাবে আমি প্ৰতিবাদ কৰিছিলোঁ, ৰাজপথত সংগ্ৰাম কৰিছিলোঁ৷ গতিকে যিহেতু বিজেপি দলটোৰ এইটো এটা এজেণ্ডা আৰু তেওঁলোকে হয়তো এইবাৰ নিৰ্বাচনী ইস্তাহাৰতো এই কথাটো প্ৰকাশ কৰিব, গতিকে কোনোবাই হিন্দুৰ নামত, মুছলমানৰ নামত ভাগ ভাগ কৰি অসমীয়া জাতি থানবান কৰি পেলাব, নিঃশেষ কৰিব তেনেকুৱা কথা কোনো কাৰণতে অসমীয়া সমাজে মানি নলয়৷ অসমীয়া সমাজ ব্যৱস্থাত হিন্দু-মুছলমান বুলি কোনো কথা নাই৷

আমি সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী আৰু ধৰ্মাৱলম্বী লোক একত্ৰিত হৈ আগবাঢ়ি যোৱাৰ স্বপ্ন আগৰে পৰা দেখিছিলোঁ৷ আমাক শংকৰ-আজানে সেই কথা শিকাইছে৷ ভাৰতবৰ্ষৰ এটা বিজতৰীয়া কথা আনি আমাৰ মাজত জাপি দিব, সেই কথা আমি কেতিয়াও মানি নলওঁ৷ অসমৰ প্ৰত্যেকটো জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বী লোক আমি একত্ৰিতভাৱে আগবাঢ়ি যাম৷' সদৌ অসম ছাত্ৰ সন্থা, ৩০টা জাতি-জনগোষ্ঠীয় সংগঠন আৰু উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে একত্ৰিতভাৱে এই বিলখনৰ বিৰোধিতা কৰিছিলোঁ আৰু ভৱিষ্যতেও বিলখনৰ বিৰোধিতা কৰি যাম বুলিও আছুৰ সভাপতিগৰাকীয়ে কয়৷


 

Your Comments