‘লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ।’– এই ঘোষণা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ।চাংমাইয়ে কয় যে তেওঁ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সম্পূৰ্ণ ভিত্তিহীন।তেওঁৰ সৈতে অগপৰ নেতৃত্বই আলোচনা কৰা নাই বুলিও উল্লেখ কৰে।নিৰ্বাচনত প্ৰতিদ্বন্দিতা সন্দৰ্ভত ব্যাপক চৰ্চা হোৱাৰ পিছত নিজৰ স্থিতি স্পষ্ট কৰে চাংমাইয়ে।
- Log in to post comments
- 147 views
