পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিৰ কেলেংকাৰীক লৈ আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে এই নিযুক্তিক বে-আইনী ঘোষণা কৰে।
প্ৰতিবাদীকাৰীসকলৰ দাবী, বৰ্তমানৰ নিযুক্তি সম্পূৰ্ণৰূপে বাতিল কৰক, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ এই পদসমূহৰ বাবে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰক, এই সমস্ত কেলেংকাৰীৰ চিবিআইৰ তদন্ত ঘোষণা কৰক আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰক।
- Log in to post comments
- 19 views