জাতিৰ স্বাৰ্থ সুৰক্ষাৰ স্বাৰ্থত প্ৰয়োজনত আক্ৰাছুৱে নিজাববীয়াকৈ প্ৰত্যক্ষ নিৰ্বাচনত অংশগ্ৰহণ কৰিব

জাতিৰ স্বাৰ্থ সুৰক্ষাৰ স্বাৰ্থত প্ৰয়োজনত আক্ৰাছুৱে নিজাববীয়াকৈ প্ৰত্যক্ষ নিৰ্বাচনত অংশগ্ৰহণ কৰিব

বিজেপি দলে একমাত্ৰ বিপিএফ দলক সন্তুষ্ট ৰখাৰ বাবেই অসমৰ কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ পৰা বঞ্চিত কৰিলে৷ আনকি বিপিএফৰ হেঁচাত দলটোৱে শিৰনত কৰিবলগীয়াও হৈছে৷ এই মন্তব্য আক্ৰাছুৰ নেতৃবৰ্গৰ৷ আজি বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত আক্ৰাছুৰ নেতৃবৰ্গই এই মন্তব্য কৰে৷ সংগঠনটোৰ সভাপতি অৰুণ কুমাৰ ৰায়, সাধাৰণ সম্পাদক গোকুল বৰ্মন আদিকে ধৰি কে'বাজনো বিষয়ববীয়া উপস্থিত থকা সংবাদমেলত আক্ৰাছুৰ নেতৃবৰ্গই কয় যে কোচ ৰাজবংশীসকলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো এটা ৰাজনৈতিক দলে দায়বদ্ধতা দেখুওৱা নাই৷ পূৰ্বৰ চৰকাৰসমূহৰ দৰে বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ চলাই থকা বিজেপি নেতৃত্বাধীন চৰকাৰেও ভূমিপুত্ৰ কোচ ৰাজবংশীসকলক চৰমভাৱে প্ৰতাৰণা কৰিলে৷

জনগোষ্ঠীটোক কেৱল ভোট বেংক হিচাপেহে বিভিন্ন ৰাজনৈতিক দলসমূহে ব্যৱহাৰ কৰি আহিছে বুলিও কয়৷ আনহাতে, কেন্দ্ৰ আৰু ৰাজ্যত শাসনাধিষ্ঠিত বিজেপি চৰকাৰে শেষ মুহূৰ্তলৈকে নাটকীয়ভাৱে অসমৰ কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেৱল মিথ্যাচাৰৰ আশ্ৰয় লৈছিল বুলি আক্ৰাছুৰ নেতৃবৰ্গই অভিযোগ কৰি কয় যে জনজাতিকৰণ কৰা দূৰৰে কথা, আনকি জনজাতিকৰণৰ মডেলিটী নিৰ্ধাৰণৰ বাবে গঠিত মন্ত্ৰী গোটেও বিপিএফ দলৰ হেঁচাত শিৰনত কৰি আজিলৈকে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন নিদিলে৷

গতিকে মডেলিটী সলনিৰ বাবে মন্ত্ৰী গোট গঠন কৰাটো যে বিজেপি চৰকাৰৰ একমাত্ৰ ভোটৰ ৰাজনীতি সেয়া বুজিবলৈ বাকী নাই৷ বিজেপি-বিপিএফ দলে জনগোষ্ঠীটোক কৰা প্ৰতাৰণাৰ ফল আগন্তুক লোকসভা নিৰ্বাচনত ভুগিব লাগিব বুলিও কয়৷ লগতে আৰু কয় যে এতিয়া সন্মুখত লোকসভা নিৰ্বাচন৷ গতিকে সকলো ৰাজনৈতিক দলেই কোচ ৰাজবংশীসকলৰ সমস্যাৰ কথা নিৰ্হাচনী ইস্তাহাৰত সন্নিবিষ্ট কৰিব আৰু নিৰ্বাচনী সভাত ৰাজহুৱা প্ৰতিশ্ৰুতি দিব৷ আনকি নিৰ্বাচনত তথাকথিত কিছুমান কোচ ৰাজবংশী লোকক যিসকলে ৰাজবংশী জনগোষ্ঠীৰ সংগ্ৰামত জড়িত নহয়েই তথা নিজক কেতিয়াও ৰাজবংশী বুলি চিনাকি নিদিয়ে তেনে ব্যক্তিক দলীয় প্ৰাৰ্থিত্ব দি আমাক সন্তুষ্ট কৰিব খুজিব৷ কিন্তু আমি এইবাৰ তেনে ধৰণৰ ৰাজনৈতিক কৌশলত ভোল নাযাওঁ৷

সংবাদমেলত আক্ৰাছুৰ নেতৃবৰ্গই লগতে স্পষ্ট কৰি দি কয় যে আমি বিজেপিক বিৰোধিতা কৰা মানে কংগ্ৰেছ দলক সমৰ্থন কৰাটো নুবুজায়৷ কাৰণ বিগত দিনবোৰত কংগ্ৰেছ চৰকাৰেও কোচ ৰাজবংশী জনগোষ্ঠীটোক চৰম প্ৰতাৰণা কৰিছে৷ স্বাধীনতাৰ পিচত কেন্দ্ৰ আৰু ৰাজ্যত আটাইতকৈ বেছি দিন কংগ্ৰেছ দলটোৱে শাসন কৰিছে৷ কিন্তু তেওঁলোকৰ শাসনৰ কালছোৱাত কোচ ৰাজবংশীসকলৰ সমস্যাসমূহ সমাধান নকৰিলে৷ অকল ভোট বেংক হিচাপেহে জনগোষ্ঠীটোক ব্যৱহাৰ কৰি আহিছে৷ গতিক্ কংগ্ৰেছ দলেও এইবাৰ আঁভুৱা-ভাৰা প্ৰতিশ্ৰুতি দিলে বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ দৰে ফলাফল পাব৷ সেয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধানত কংগ্ৰেছ দলৰ স্থিতি কি তাক ৰাজহুৱা কৰক বুলিও দাবী জনায়৷ একেদৰে আন আন ৰাজনৈতিক দলসমূহকো এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়৷

লগতে আগন্তুক লোকসভা নিৰ্বাচনত ৰাজনৈতিক দলসমূহে কোচ ৰাজবংশীসকলৰ সমস্যা সমাধানত কেনেদৰে গুৰুত্ব দিয়ে সেই কথা আক্ৰাছুৱে নিৰীক্ষণ কৰি নিজৰ সিদ্ধান্ত ল'ব বুলি কয়৷ প্ৰয়োজনত কোচ ৰাজবংশী জনগোষ্ঠীটোক ৰাজনৈতিক দলসমূহে কৰি অহা প্ৰতাৰণা তথা সমস্যাসমূহ সমাধান আৰু জাতিৰ স্বাৰ্থত আক্ৰাছুৱে নিজাববীয়াকৈ প্ৰত্যক্ষ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলিও আক্ৰাছুৰ নেতৃবৰ্গই প্ৰকাশ কৰে৷ মুঠতে কোচ ৰাজবংশীসকলক ৰাজনৈতিকভাৱে হেয় জ্ঞান কৰা সকলক উচিত শিক্ষা দিয়া হ'ব বুলি হুংকাৰ দিয়ে৷ সংবাদমেলত কোচ ৰাজবংশীসকলৰ প্ৰতি যদি বিজেপি দল তথা চৰকাৰৰ সদ্‌ভাব তথা আন্তৰিকতা আছে আৰু প্ৰকৃততে জনগোষ্ঠীটো জাতিকৰণৰ হোৱাটো বিচাৰিছে, তেতিয়াহ'লে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ আগমুহূৰ্তত কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি হ'লেও ৰাষ্ট্ৰপতিৰ অধ্যাদেশৰ জৰিয়তে জনগোষ্ঠীটোক জনজাতিকৰণ কৰিবলৈও দাবী জনায়৷

ইপিনে আগন্তুক লোকসভা নিৰ্বাচনৰ বিষয়ে আলোচনা কৰি এক সিদ্ধান্ত গ্ৰহণৰ বাবে অহা ১৪ মাৰ্চত কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো দল-সংগঠনৰ সৈতে বঙাইগাঁওস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত এখন সভাৰ আহ্বান কৰাৰ কথাও প্ৰকাশ কৰে আক্ৰাছুৰ নেতৃবৰ্গই৷ সেইদৰে অহা ১৭ মাৰ্চত আক্ৰাছু, চিলাৰায় সেনা আৰু সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ এখন যৌথ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব৷ সংগঠনটোৰ মুখ্য কাৰ্যালয়ত আহ্বান কৰা উক্ত সভাত কেন্দ্ৰীয় যৌথ সমিতিৰ বিষয়ববীয়াৰ লগতে জিলা সমিতিসমূহৰ সভাপতি-সম্পাদক, সভানেত্ৰী-সম্পাদিকা আৰু উপ-অধ্যক্ষ আৰু সেনাধ্যক্ষক উপস্থিত থাকিবলৈও নেতৃবৰ্গই অনুৰোধ জনায়৷
 

Your Comments