কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
অসমৰ জাতীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি মিত্ৰতা নকৰিবৰ বাবে আঞ্চলিক দলটোক আহ্বান জনাই এক প্ৰেছ বিবৃতি প্ৰেৰণ কৰে প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকাই। "অসমৰ জাতীয় স্বাৰ্থ সুৰক্ষাৰে নিৰ্বাচনী ৰণকৌশল লওক। অসমৰ জাতীয় জীৱনত সংকটৰ ক'লীয়া ডাৱৰ আজিও আঁতৰা নাই। অনাগত দিনত আৰু ভয়াৱহ হোৱাৰ আশংকা বিৰাজমান।" অসম গণ পৰিষদৰ জন্মলগ্নৰে পৰা জড়িত সদস্য হিচাপে নেতৃত্বক বিশেষকৈ ৰণকৌশল সমিতিক জাতীয় স্বাৰ্থ জলাঞ্জলি দি কোনোধৰণৰ মিত্ৰতা নকৰিবলৈ এই আহ্বান গুণীন হাজৰিকাৰ। বিবৃতিটোত তেওঁ কয়, ভাৰতবৰ্ষৰ বৈচিত্ৰ্যৰ মাজত ঐক্য 'সুত্তে মণি গণা হ'ব'- এই হাজাৰ বছৰীয়া চিন্তাধাৰাৰা পৰিপন্থী৷
'এক ৰাষ্ট্ৰ'ৰ নামত বিশেষ সংগঠন আৰু বৰ্তমান শাসনাধিষ্ঠিত দলে ভয়াৱহ চক্ৰান্তৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিবোৰক নিঃশেষ কৰাৰ যত্ন কৰিছে। অসমক এনে ষড়যন্ত্ৰৰে বিভিন্ন ৰূপত নিঃশেষ কৰিবলৈ দিল্লীৰ শাসনকৰ্তাসকলে সদায় যত্ন কৰি আহিছে। অসমৰ মানুহে ইয়াৰ যোগ্য প্ৰত্যুত্তৰো দিছে। শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত হোৱা তীব্ৰ জাগৰণে ইয়াক সাময়িকভাৱে বন্ধ কৰিলে যদিও অসমৰ মাটিতে নিৰ্বাচনী ৰণডঙ্কা বজাই বিজেপি দলৰ নেতাসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ পুনৰ প্ৰয়োগৰ হুঙ্কাৰ দিছে।
নিৰ্বাচনৰ সময়ত এই কথা পুনৰ দোহাৰিব। অসম আৰু অসমীয়াৰ আবেগ-অনুভূতিক আৰু অস্তিত্বৰ স্বাৰ্থৰ প্ৰতি কেৰেপ নকৰা বিজেপি দলৰ চৰিত্ৰ বুজিও নিৰ্বাচনী ৰণকৌশলত মিত্ৰতাৰ হাত মিলালে অগপ পতনৰ এক নিশ্চিত চক্ৰবেহুত পৰিব বুলি আমাৰ বিশ্বাস। অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ জাতীয় ছহিদসকলৰ কথা মনত পেলাই যোৰহাট অভিবৰ্তন আৰু গোলাঘাট দল গঠনত জাতীয় নিৰ্দেশনা আওকাণ কৰি ক্ষমতাকেন্দ্ৰিক নিৰ্বাচনত মিত্ৰতা কৰি যুঁজ কৰিবলৈ গ'লে আত্মঘাতী সিদ্ধান্ত হ'ব। আঞ্চলিকতাবাদৰ ওপৰত মোক্ষম আঘাত পৰিব। সেয়ে অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আঞ্চলিকতাবাদক সবল কৰি ৰাখিবলৈ দলীয় নেতৃত্বলৈ আহ্বান জনালোঁ।" বৰ্তমান বিপৰ্যয়ৰ পাচতো অগপ আকৌ শক্তিশালী ৰূপত প্ৰকাশ পোৱাৰ পথ মুকলি ৰাখিব বুলি বিবৃতিটোত হাজৰিকাই কয়।
- Log in to post comments
- 135 views