মাজুলীৰ পৰা বিশেষ প্ৰতিবেদক
দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ স্হিতি গ্ৰহণ কৰা বুলি ঘোষণা কৰা বিজেপি নেতৃত্বতাধীন ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ব্যাপক অনিয়ম, দুৰ্নীতিৰে বিজেপি নেতাৰ আত্মীয়ক বিভিন্ন বিভাগৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ চাকৰিত নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে। এপিডিচিএলৰ অধ্যক্ষ তথা মাজুলী বিজেপিৰ নেতা হেমচন্দ্ৰ দলেৰ আত্মীয় ক্ৰমে কাংকান দলে, অৰূপ কুলি আৰু কেমেন কুলিক বিয়াগোম দুৰ্নীতি তথা অনিয়মৰ আশ্ৰয় লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি দিয়া বুলি মাজুলীৰ সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। হেমচন্দ্ৰ দলেৰ ঘৰ হৈছে মাজুলী জেংৰাই কেচাইখোৱা গাঁৱত। তেওঁৰ পত্নী জ্যোৎস্না দলে হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মুখ্য কাৰ্যালয়, গুৱাহাটীৰ কৰ্মচাৰী।
দুই দম্পতীয়ে ৰাজনৈতিক ক্ষমতাৰ সুবাদতে এই ব্যাপক কেলেংকাৰীৰ আশ্ৰয় লৈ এতিয়া অনিয়মক নিয়ম কৰি নিযুক্তি দিছে সদ্য নিযুক্তিপ্ৰাপ্ত কাংকান দলে, অৰূপ কুলি আৰু কেমেন কুলি আদিক। এই বিষয় সন্দৰ্ভত ছ'চিয়েল মিডিয়া ফেচবুকত ফাদিল হোৱাৰ পিছত সমগ্ৰ মাজুলীতে তীব্ৰ বিতৰ্ক অব্যাহত আছে। উল্লেখ্য যে কংগ্ৰেছৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰী শাসন ব্যৱস্থাৰ বিকল্প হিচাপে স্বচ্ছ আৰু নিকা ভাবমূৰ্তিৰ শ্লোগানেৰে ক্ষমতালৈ অহা বিজেপি নেতৃত্বতাধীন চৰকাৰখনে এতিয়া কংগ্ৰেছ শাসনৰ এপিএছচিৰ দুৰ্নীতিকো অতিক্ৰম কৰিছে বুলি বিভিন্ন দল-সংগঠন তথা সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে।
উথাপিত অভিযোগ সন্দৰ্ভত জানিব বিচৰাত এপিডিচিএলৰ অধ্যক্ষ তথা বিজেপি নেতা হেমচন্দ্ৰ দলেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- এই অভিযোগ সম্পূৰ্ণৰূপে মিছা। ইয়াত তেওঁ জড়িত নহয়। ব্যক্তিগত আক্ৰোশ লৈ অযথাভাৱে তেওঁৰ লগতে পত্নী জ্যোৎস্না পেগু দলেৰ নাম টানি আনিছে। কেৱল ৰাজনৈতিক কৰ্মী হিচাপে কাম কৰি আহিছে বুলিও উল্লেখ কৰে বিজেপি নেতা হেমচন্দ্ৰ দলেই।
- Log in to post comments
- 16 views