হিন্দু বঙালীবিৰোধী মনোভাবৰ বাবেই লোকসভা নিৰ্বাচনত পৰাস্ত হ'ব কংগ্ৰেছ : ৰাহুল ৰয়

হিন্দু বঙালীবিৰোধী মনোভাবৰ বাবেই লোকসভা নিৰ্বাচনত পৰাস্ত হ'ব কংগ্ৰেছ : ৰাহুল ৰয়

শিলচৰৰ পৰা বিক্ৰম দাস

কংগ্ৰেছে হিন্দু বাঙালী আৰু চাহ শ্ৰমিকবিৰোধী মনোভাব পোষণ কৰাৰ বাবেই আগন্তুক লোকসভা নিৰ্বাচনত পৰাস্ত হ'ব। এই মন্তব্য বৰাক উপত্যকাৰ প্ৰাক্তন বিধায়ক ৰাহুল ৰয়ৰ। খাছপুৰ পঞ্চয়তৰ নয়াগ্ৰামত দৰিদ্ৰ ব্যক্তি দেৱেন তাঁতীৰ হাতত এখন ৰিক্সা অৰ্পণ কৰাৰ পিছত সাংবাদিকৰ আগত এইদৰে কয় ৰয়ে। লগত ৰাহুল ৰয়ে কয় যে তেওঁৰ দৰিদ্ৰৰ সেৱাত কোনো ৰাজনৈতিক উদ্দেশ্যে নাই। কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে হিন্দু বঙালী আৰু চাহ শ্ৰমিকৰ সহায়তে কংগ্ৰেছে ক্ষমতা দখল কৰিছিল। কিন্তু এতিয়া এই দুটা জনগোষ্ঠীৰ প্ৰতি বিদ্বেষপূৰ্ণ মনোভাব গ্ৰহণ কৰাৰ ফল ভুগিব দলটোৱে। উদাৰবন্দ এলেকাত সঠিক ৰাজনৈতিক নেতৃত্ব থাকিলে বিভিন্ন দিশত উন্নয়ন সাধন হ'ব বুলি তেওঁ লগতে কয়।

Your Comments