অসম গণ পৰিষদৰ প্ৰচাৰ সম্পাদক দিৱস ফুকনৰ পদত্যাগ

agp

আঞ্চলিকতাবাদক জ্বলাঞ্জলি দিছে অসম গণ পৰিষদে । অসম গণ পৰিষদ দলৰ ভিতৰ চ'ৰাত চলিছে মত বিৰোধ। বিজেপিৰ সৈতে আকৌ হ'ব পাৰে মিত্ৰতা সেয়েহে দলটোৰ পৰা পদত্যাগ কৰিলে দলটোৰ প্ৰচাৰ সম্পাদক দিৱস ফুকনে। আজি এখনি সংবাদমেলৰ আগত নিজৰ সিদ্ধান্তৰ কথা মুকলিকৈ প্ৰকাশ কৰিলে দিৱস ফুকনে। 

তেওঁ কয় যে অসমৰ ৰাইজক অসম গণ পৰিষদে পুনৰ বিশ্বাসঘাটকতা কৰিবলৈ ওলাইছে । সেইটো আমি কেতিয়াও বিচৰা নাই আৰু তাত আমি অংশীদাৰ হ'ব নুখুজোঁ। গতিকে এনে অৱস্থাত আমি দলটোৰ সৈতে জড়িত হৈ থাকিব বিচৰা নাই। তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে বিজেপিৰ লগত কোনো ধৰণৰ মিত্ৰতা হোৱাটো নিবিচাৰে৷ কিন্তু দলটোত একাংশ নেতাই এতিয়াও বিজেপিৰে সৈতে মিত্ৰতা হোৱাটো বিচাৰে বুলি দিৱস ফুকনে জানিবলৈ দিয়ে। আগন্তুক দিনত তেওঁ নেচনেল পিপলছ পাৰ্টীত যোগদান কৰিব বুলিও সাংবাদিকৰ আগত মত প্ৰকাশ কৰে ।

Your Comments