অসমৰ এন আৰ চিৰ প্ৰসঙ্গত ৰাজ্যসভাত উত্তাল পৰিৱেশ সৃষ্টি কৰা তৃণমূল কংগ্ৰেছৰ ৭গৰাকী সাংসদ শিলচৰলৈ আহি বৰাক উপত্যকাৰ পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে৷ এন আৰ চিৰ চূড়ান্ত খচৰাত ৪০ লাখ লোকৰ নাম নথকাৰ বিষয়টোক লৈ তৃণমূল নেত্ৰী তথা পশ্চিমবঙ্গৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে অতি নিম্ন স্তৰৰ ৰাজনীতি কৰাত ব্যস্ত হৈ পৰিছে ৷ তৃণমূলৰ নেত্ৰীগৰাকীয়ে এটি প্ৰতিনিধি দল শিলচৰলৈ প্ৰেৰণ কৰিছিল যদিও ৰাজ্যৰ প্ৰশাসনে ৭জনীয়া সাংসদৰ দলটিক শিলচৰ বিমানবন্দৰতে আবদ্ধ কৰি ৰাখে ৷ প্ৰতিনিধি দলটিয়ে আৰক্ষীৰ সৈতে সংঘাতৰ সৃষ্টি কৰাৰ চেষ্টা কৰি বলপূৰ্বকভাৱে বিমানবন্দৰৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰে ৷
আৰক্ষী প্ৰশাসনে আইন-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি বিমান কোঠৰ ৫০০ মিটাৰ এলেকাত কাকো প্ৰৱেশ কৰিব দিয়া নাই ৷ আৰক্ষী প্ৰশাসনৰ অভিযোগ যে তৃণমূল নেত্ৰীগৰাকীয়ে ৰক্তাক্ত কৰা হ’ব আদি বক্তব্যৰে ইতিমধ্যেই পৰিৱেশ বিনষ্ট কৰিছে ৷ অসমলৈ আহি শিলচৰত এনে পৰিৱেশ সৃষ্টি কৰাৰ আশংকাতে বিমান কোঠৰ বাহিৰলৈ যোৱাৰ অনুমতি দিয়া হোৱা নাই৷ প্ৰৰোচনামূলক বক্তব্যই যাতে পৰিস্থিতি অশান্ত কৰিব নোৱাৰে, তাৰবাবে তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোৰ লগত কাকো আলোচনা কৰিব দিয়া হোৱা নাই ৷ ৰাজ্যৰ প্ৰশাসনে তৃণমূলৰ প্ৰতিনিধিকেইজনক পুনৰ বিমানেৰে দিল্লীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে ৷
লক্ষ্য কৰিবলগা বিষয়টো হ’ল, শিলচৰৰ কোনো সংগঠনৰ প্ৰতিনিধিয়ে তৃণমূলৰ প্ৰতিনিধিসকলক সাক্ষ্যৎ কৰিব অহা নাই ৷ আৰক্ষীৰে হোৱা টনা-আজোঁৰাত এগৰাকী মহিলা আৰক্ষী আহত হৈছে ৷ শান্তিপূৰ্ণ অসমক যাতে কোনেও অশান্ত কৰিব নোৱাৰে প্ৰশাসনে তাৰ ব্যৱস্থা কৰিছে ৷ অভূতপূৰ্ব নিপাৰপত্তাৰ বেষ্টনীৰ লগতে বৰাক উপত্যকাত ১৪৪ ধাৰা জাৰি কৰা হৈছে ৷ তৃণমূলৰ প্ৰতিনিধিকেইজনে বিমানবন্দৰতে অৱস্থান কৰিব বুলি জনাইছে যদিও চূড়ান্ত সিদ্ধান্ত হোৱা নাই ৷ প্ৰশাসনে ৫ বজাৰ বিমানত সকলোকে পুনৰ দিল্লীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
- Log in to post comments
- 17 views