আগন্তুক লোকসভা নিৰ্বাচনক লৈ কামৰূপ মহানগৰ জিলা উপায়ুক্ত আৰু কামৰূপ (ম) জিলা নিৰ্বাচনী বিষয়াই আজি আৱৰ্ত ভৱনত এখনি সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত লোকসভা নিৰ্বাচনৰ বাবে কেতবোৰ নতুন ব্যৱস্থা গ্ৰহণৰ কথা সদৰী কৰে। উল্লেখ্য যে এইবাৰ ইভিএম মেচিনৰ লগত সংযোগ কৰা হ'ব ভিবিপিএটি (VBPAT) মেচিন।
সংবাদমেলখনত মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে ১,১৯৫টা ভোটগ্ৰহণ কেন্দ্ৰ আছে মহানগৰীত। আৰু এই ভোটগ্ৰহণ কেন্দ্ৰসমূহত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰবাবে ৪টা সমষ্টিক ২৫টা জ'নত ভাগ কৰি দিয়া হৈছে। ২৫টা জ'নক ১১০টা ছেক্টৰত ভাগ কৰি লোৱা হৈছে। নিৰ্বাচনৰ বাবে এই ছেক্টৰসমূহত ১১০জন বিষয়াক নিযুক্তিও দিয়া হৈছে। তেওঁ লগতে কয়, এইবাৰ লোকসভা নিৰ্বাচনত বিশেষভাৱ সক্ষম ভোটাৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
এই বিশেষভাৱে সক্ষম লোকসকলক গাড়ী, হুইল চেয়াৰেৰে ভোট কেন্দ্ৰলৈ অনাৰ ব্যৱস্থা কৰা হ'ব। স্পৰ্শকাতৰ ভোটকেন্দ্ৰত থাকিব চিচি টিভি। কিন্তু যিসমূহ ভোটকেন্দ্ৰত নেটৱৰ্কৰ সমস্যা হয় সেইসমূহ স্পৰ্শকাতৰ ভোটকেন্দ্ৰত ভিডিঅ'গ্ৰাফীৰ ব্যৱস্থা কৰা হ'ব। সকলো লোকক নিৰ্বাচনৰ দিনটোত বন্ধ পালন নকৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় উপায়ুক্তগৰাকীয়ে। তেওঁ কামৰূপ মহানগৰ জিলাত মুঠ ভোটাৰৰ সংখ্যা ১০,৭০,১৩২গৰাকী।
তাৰে ৫,৩৪,০৬২গৰাকী মহিলা আৰু ৫,৩৬,০৭০গৰাকী পুৰুষ বুলি জানিবলৈ দিয়ে। আনহাতে, পূৰ্বৰ দৰে এইবাৰ সৰুসজাই ষ্টেডিয়ামত নহয় ষ্ট্ৰং ৰুম। সৰুসজাইৰ পৰিৱৰ্তে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ব্যৱস্থা কৰা হৈছে ষ্টং ৰুমৰ। নিৰ্বাচনৰ সময়ত যাতে কোনোৱে নিৰ্বাচনৰ নিয়ম ভংগ কৰিব নোৱাৰে তাৰবাবেও লোৱা হৈছে বিশেষ ব্যৱস্থা।নিৰ্বাচনৰ যিকোনো তথ্য অথবা ফলাফলৰ বাবে ৰাইজৰ কাৰণে মুকলি কৰি দিছে ১৯৫০ নম্বৰৰ এটা টোল ফ্ৰী নম্বৰ। লগতে জনসাধাৰণক মুক্তভাৱে ভোট দিবলৈ আহ্বান জনায় মহানগৰ জিলা উপায়ুক্তই।
- Log in to post comments
- 9 views