অসমৰ ৰাজনীতিত নতুন দল নাম ৰাষ্ট্ৰীয় মানৱ বিকাশ পাৰ্টী। আগন্তুক লোকসভা নিৰ্বাচনৰ ১৪ খন আসনতে দিব প্ৰাৰ্থীত্ব। আজি দিছপুৰ প্ৰেছ ক্লাবত এখনি সংবাদমেলত এই কথা প্ৰকাশ কৰে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য আহ্বায়ক ৰাজুমণি বৰদলৈয়ে ।
সংবাদমেলখনত ৰাজুমণি বৰদলৈয়ে কয় অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কাম-কাজ সুচাৰূপে আগবঢ়াই নিয়াৰ লগতে জাতি-বৰ্ণৰ উৰ্ধত মানৱৰ বিকাশ কৰি সমাজৰ উন্নতি সাধন কৰিবলৈ ৰাষ্ট্ৰীয় মানৱ বিকাশ পাৰ্টী সংকল্পবদ্ধ হৈছে। সংবাদমেলখনত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য আহ্বায়ক ৰাজুমণি বৰদলৈৰ লগতে দলৰ ৰাষ্ট্ৰীয় মুখ্য তত্বাৱধায়ক কে.এচ ৰাথোড় উপস্থিত থাকে ।
- Log in to post comments
- 148 views