আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফৰ সৈতে মিত্ৰতা কৰিব বিজেপিয়ে 

bjp_join

ভাৰতীয় জনতা পাৰ্টিত যোগদান প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ ঘনিষ্ঠ টুটু চৰকাৰৰ । ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত শতাধিক সমৰ্থকসহ গেৰুৱা দলটোত যোগদান কৰে যুৱ কংগ্ৰেছী টুটু চৰকাৰে। গেৰুৱা দলটোত যোগদান কৰি টুটু চৰকাৰে কয় বহু বছৰ কংগ্ৰেছ কৰিলোঁ, কিন্তু কংগ্ৰেছৰ নেতাসকলে বিধানসভাৰ ভোট বিচাৰি যাওঁতে যিবোৰ প্ৰতিশ্ৰুতি দিয়ে সেই সকলোবোৰ মিছা প্ৰতিশ্ৰুতি ।

মই সকলো ৰাইজক ক্ষমা বিচাৰিছোঁ কাৰণ মই ইমান দিনে কংগ্ৰেছৰ হৈ ভোট বিচাৰিছিলোঁ। বিজেপিয়ে যেনেদৰে কথাবোৰ কয় তেনেদৰেই কামবোৰ কৰি যায়। টুটু চৰকাৰৰ লগতে গেৰুৱা দলটোত যোগদান কৰে প্ৰণৱ কুমাৰ বৰুৱা, আদিত্য প্ৰকাশ শৰ্মাৰ লগতে শতাধিক লোকে।  বিজেপিত যোগদান কৰি প্ৰণৱ কুমাৰ বৰুৱাই কয় যে কংগ্ৰেছে অসমৰ প্ৰগতি নিবিচাৰে।যোগদান কাৰ্য্যসূচীত ৰাজ্যিক বিজেপিৰ সভাপিতি ৰঞ্জিত দাসে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে বিপিএফ দলৰ সৈতে মিত্ৰতা কৰিব বুলিও জানিব দিয়ে।

Your Comments