গহপুৰত মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰতিবাদী শোভাযাত্ৰা আৰু জেলভৰো কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰাথমিক শিক্ষকসকলৰ ১১ দফীয়া দাবীৰে গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা গহপুৰ মহকুমাধিপতি কাৰ্যালয়লৈ বিভিন্ন শ্লোগানৰে প্ৰতিবাদী শোভাযাত্ৰা কৰে।
এই কাৰ্যসূচীত সাত শতাধিক প্ৰামথিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদী শিক্ষকসকলে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগান আওৰাই গহপুৰৰ আকাশ-বতাহ কঁপাই তোলে। প্ৰতিবাদী শিক্ষক-শিক্ষয়িত্ৰীসকলে গহপুৰৰ মহকুমাধিপতিৰ জৰিয়তে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ ১১দফীয়া দাবী সমাধানৰ দাবীত স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।
- Log in to post comments
- 3 views