তিনিচুকীয়া দুই কানি মাফিয়া গুৱাহাটী আৰক্ষী জালত

"তিনিচুকীয়া দুই কানি মাফিয়া গুৱাহাটী আৰক্ষী জালত "

তিনিচুকীয়া দুই কানি মাফিয়া গুৱাহাটী আৰক্ষী জালত /  বৃহৎ পৰিমাণৰ কানি জব্দ 

তিনিচুকীয়া দুই কানি মাফিয়া গুৱাহাটী আৰক্ষী জালত

NEWS ASN @DIGITAL DESK, গুৱাহাটী, ৮ জুন :-  শুকুৰবাৰে নিশা হঠাৎ অভিযান চলিল গুৱাহাটী উলুবাৰীস্থিত Green valley হোটেলত । নিশা প্ৰায় ১১:৩০ মান বজাত পল্টন বজাৰ আৰক্ষী আৰু  ক্ৰাইম ব্ৰাঞ্চৰ এটি দলে এক গোপন সূত্ৰৰ পম খেদি উলুবাৰীস্থিত Green valley  হোটেলৰ  ২০২ নম্বৰ  কোঠাৰ পৰা দুই  কানি ব্যৱসায়ীক নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত দুই ব্যৱসায়ীৰ পৰা বৃহৎ পৰিমানৰ কানি  উদ্ধাৰ কৰা লগতে বহু আপত্তি জনক নথি পত্ৰ উদ্ধাৰ কৰে আৰক্ষী দলটোৱে । আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা তথ্য অনুসৰি দুই কানি ব্যৱসায়ী  তিনিচুকীয়াৰ ঢলা বাসিন্দা ।  মাফিয়া পংকজ আগৰৱালা ওৰফে  ভুলু আৰু ৰাজু মেধি বুলি আৰক্ষী সূত্ৰ প্ৰকাশ । উল্লেখযোগ্য যে ধৃত দুই কানি ব্যৱসায়ী তিনিচুকীয়া অঞ্চলত চোৰাং ব্যৱসায় চলাই অহা বুলি  দীৰ্ঘদিনীয়া অভিযোগ উত্থাপিত হৈ আহিছে । আন এক গোপন সূত্ৰ প্ৰকাশ এই দুই কানি ব্যৱসায়  চোৰাং কাঠ আৰু অবৈধ অস্ত্ৰ  সৰবৰাহৰ লগতো জড়িত বুলি জানিবলৈ দিয়ে ।

Your Comments