গহপুৰ আঞ্চলিক আটছা, আছা আৰু উড়িয়া যুৱ পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ 

gohpur_chulai

গহপুৰৰ চাহ বাগিছায়ে বাগিছায়ে চুলাই মদৰ বিৰুদ্ধে সজাগতা অভিযান ৷ বিগত কেইদিনমানৰ পৰা চুলাই সেৱণ এক মৃত্যুদূতলৈ পৰিণত হৈছে। গোলাঘাট আৰু তিতাবৰত চুলাই সেৱণ কৰি ইতিমধ্যেই ডেৰ শতাধিক লোকে মৃত্যুক আঁকোৱালি লৈছে যদিও বৰ্তমানেও আবকাৰী বিভাগ আৰু প্ৰশাসনৰ সম্পুৰ্ণ জ্ঞাতসাৰেই চলি আছে সমগ্ৰ ৰাজ্যখনৰ লগতে গহপুৰৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা।

বিশেষকৈ গহপুৰৰ বাগিছাসমূহত অবৈধ চুলাই বহু ঘাটি থকা পৰিলক্ষিত হৈছে। গহপুৰত ৯ খন বাগিছা আছে আৰু ইয়াৰ কৰ্মীসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে গহপুৰ আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা,উড়িয়া যুৱ পৰিষদ আৰু আটছাৰ সদস্যই এক সজাগতা অভিযান চলাইছে। চাহ জনগোষ্ঠীৰ এই তিনি সংগঠন প্ৰতিনিধিয়ে গহপুৰৰ বাগিছায়ে-বাগিছায়ে গৈ চুলাই সেৱণৰ ফলত হ'ব পৰা ক্ষয়-ক্ষতি ৰাইজৰ আগত দাঙি ধৰে আৰু চুলাই সেৱণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই।

চাহ জনগোষ্ঠী তিনি সংগঠনৰ সদস্যসকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ চলোৱা চুলাই বিৰোধী অভিযানত তেওঁলোকে 'বিষাক্ত চুলাই বৰ্জন কৰক নিজৰ জীৱন সুৰক্ষিত কৰক' আদি শ্লোগান আওৰাই। গহপুৰ প্ৰশাসন আৰু আবকাৰী বিভাগক গহপুৰৰ অবৈধ চুলাই ঘাটি উৎসাত কৰাৰ বাবে দাবী জনাই সংগঠন কেইটাই।

Your Comments