২০১৯ চনৰ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষতে সকলো ৰাজনৈতিক দলৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে৷ ব্যতিক্ৰম নহয় কংগ্ৰেছ দলো। সমগ্ৰ ভাৰতবৰ্ষতে কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মীসকলৰ মাজত মনোবল বৃদ্ধিৰ বিভিন্ন কাৰ্যসূচী হাতত লৈছে৷ তাৰে অংশ হিচাপে শুকুৰবাৰে গহপুৰৰ কনকলতা ভৱনত ছয়দুৱাৰ আৰু পূব ছয়দুৱাৰ মহিলা ব্লক কংগ্ৰেছৰ সাংগঠনিক কৰ্মীসভা অনুষ্ঠিত হয়।
এই সভাত অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা ৰেণু বেগম, বিশ্বনাথ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী সৰস্বতী ৰাজবংশী, পূব ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতি যতীন বৰা, যুৱ কংগ্ৰেছৰ সভাপতি প্ৰকাশ হাজৰিকা, সাধাৰণ সম্পাদক হৰেন বৰা, গহপুৰ সমষ্টিৰ উপদেষ্টা উপেন হাজৰিকা, তত্ত্বাৱধায়ক ৰঞ্জন হাজৰিকা উপস্থিত থাকে। সভাত গহপুৰ কংগ্ৰেছৰ সাংগঠনিক দিশৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়।
- Log in to post comments
- 15 views