আগন্তুক লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিব 'প্ৰব্ৰজন বিৰোধী মঞ্চ'ই 

ghy_election_

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখনি সংবাদমেলত প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা কয় যে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰব্ৰজন বিৰোধী মঞ্চই অংশগ্ৰহণ কৰিব। লগতে তেওঁ কয় আজি প্ৰকৃতাৰ্থত খিলঞ্জীয়াৰ স্বাৰ্থত থকা কোনো ৰাজনৈতিক দল নাই, বাংলাদেশী হিন্দুৰ কাৰণেও আছে, বাংলাদেশী মুছলমানৰ কাৰণেও আছে।

বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত অৱৰ্তীণ হৈ খিলঞ্জীয়াৰ অধিকাৰ নিজেই সুৰক্ষিত কৰাৰ বাহিৰে আমাৰ কোনো বিকল্প নাই। সেয়েহে নেতাৰ ভুলৰ কাৰণে যোৱা ৬ টাতকৈ অধিক বছৰ খিলঞ্জীয়াৰ সুৰক্ষা আৰু সংৰক্ষণৰ বিষয়ক লৈ অবিৰত আন্দোলন চলাই যোৱা প্ৰব্ৰজন বিৰোধী মঞ্চই আগন্তুক লোকসভা নিৰ্বাচনত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰিছে৷

উপমন্যু হাজৰিকাই কয় যে  চৰকাৰে ১৯৫১ চনৰ ভিত্তিত ভূমি, চৰকাৰী চাকৰি ইত্যাদি সংৰক্ষণ, এনআৰচিৰ পুনৰী‍‍ক্ষণ আৰু কোনো ধৰণৰ নতুন প্ৰব্ৰজনকাৰীৰ অতিৰিক্ত বোজা জাপি নিদিয়া৷ এই তিনিটা পদক্ষেপ এক সপ্তাহৰ ভিতৰত গ্ৰহণ কৰে। আৰু তেওঁ কয় যে ৯ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে চাংসাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি বিশাল গণ সমাবেশ হৈছিল সেই গণ সমাবেশত তেওঁলোকে এটা কথা স্পষ্ট কৰিলে যে তেওঁলোকৰ লক্ষ্য হ'ল হিন্দু বাংলাদেশী অনাটো। এতিয়া বিজেপি একমাত্ৰ ক্ষমতালোভি আৰু সুবিধাবাদী ৰাজনীতিতহে ব্যস্ত, খিলঞ্জীয়া স্বাৰ্থৰ ৰাজনীতিত নহয় বুলিও উপমন্যু হাজৰিকাই মন্তব্য কৰে ।

Your Comments