মাজুলীত ব্যাপক প্ৰস্তুতি আলি আয়ে লৃগাঙৰ : কাইলৈ স্থানীয় বন্ধ ঘোষণা

মাজুলীত ব্যাপক প্ৰস্তুতি আলি আয়ে লৃগাঙৰ : কাইলৈ স্হানীয় বন্ধ ঘোষণা

কাইলৈ অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ একমাত্ৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং। ফাগুণ মাহৰ প্ৰথমটো বুধবাৰে উদ্‌যাপন হোৱা এই উৎসৱ অতি উলহ-মালহেৰে উদ্‌যাপন কৰাৰ বাবে শদিয়াৰ পৰা জীয়াভৰলীকে তথা সমগ্ৰ ৰাজ্যতে এতিয়া অন্তহীন ব্যস্ততা মিচিং জনগোষ্ঠী লোকৰ মাজত। উল্লেখ্য যে দঃঞি পঃলঃ (সূৰ্য-চন্দ্ৰ)ক একমাত্ৰ ভগৱান হিচাপে বিশ্বাসী কৰে মিচিংসকলে। তেওঁলোকক সাক্ষী কৰিয়েই কাইলৈ দিনটোত আনুষ্ঠানিকভাৱে আমনি লৃগগদ (বীজ সিঁচা) পৰ্ব শুভাৰম্ভ কৰিব। ধানৰ বীজ সিঁচাৰ পূৰ্বে দঃঞি পঃলঃ, চেদী মেলঃ, কাৰচিং কাৰদাং আদি অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনাৰে মাংগলিক কাৰ্য সম্পাদন কৰিব, যাতে বছৰটো সকলোধৰণৰ বেমাৰ-আজাৰ, অপায়-অমংগল দূৰ কৰি শান্তি-সম্প্ৰীতিৰ বাতাৱৰণ গঢ়ি উঠে। লগতে মানৱ জাতিয়ে উন্নতিৰ জখলাত আগুওৱাৰো ভগৱানৰ আশিস বিচাৰে।

অদৃশ্যজনৰ পৰা আশিস বিচাৰি চাকি-বন্তি, ধূপ-ধূনা, তামোল-পাণ, তৰাপাতত বৰা চাউল দি সিজোৱা পেকেট, অৰিহণা, পঃৰঃ আপং(ছাই মদ), মাছ-মাংস, আলুজাতীয় ফল আদি আগবঢ়াই দি সেৱা জনায়। নিৰ্দিষ্টভাৱে স্হাপন কৰা এডোখৰ মাটি চহাই থোৱা স্হানত চাৰি চুকত চাৰিডাল আৰু মাজত এডাল পিঃৰ গছ গজি থাকে আৰু সেই পিঃৰবোৰত কপাহ থাকিব লাগে। এই স্হানত সোমাই গৈ গাঁৱৰ মুখীয়াল এগৰাকীয়ে মিচিং জাতীয় সাজপাৰ পৰিধান কৰি ভগৱানৰ নামত তিনিবাৰ ধ্বনি দি আনুষ্ঠানিক লৃগগদ পৰ্ব (ধানৰ বীজ সিঁচাৰ পৰ্ব) আৰম্ভ কৰিব। বীজ সিঁচা কাৰ্যসূচী শেষ হোৱাৰ পিছত কৃষ্টি দলে ইয়াৰ চাৰিওফালে তিনিবাৰ ঘূৰি ঢোলে-ডগৰে নৃত্য-গীত কৰিব।

এই পৰ্ব সামৰি ইয়াৰ কাষতে নিৰ্মাণ কৰা মুৰংঘৰত সকলোৱে প্ৰীতিৰ এনাজৰীৰে এসাঁজ খায় বুঢ়া-বুঢ়ী, ডেকা-গাভৰু সকলোৱে। ই এক জনগোষ্ঠীটোৰ পৰম্পৰা, ৰীতি-নীতি আৰু জাতীয় ধৰ্ম। দঃঞি পঃলঃক সন্তুষ্ট কৰিব পাৰিলেহে জনগোষ্ঠীটোৰ আশা-আকাংক্ষা পূৰণ হয় বুলি বিশ্বাস কৰে। এই লৃগাং উৎসৱ উদ্‌যাপন কৰাক লৈ সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো ব্যাপক উৎসাহৰ বন্যা বোৱা পৰিলক্ষিত হৈছে। চৌদিশে এতিয়া ঢোলৰ শব্দ, গোমৰাগ নৃত্য, ঐনিতমৰ সুৰত মুখৰিত হৈছে সমগ্ৰ মিচিং জনবসতিপ্ৰধান অঞ্চল। সমান্তৰালভাৱে চলিছে পৰম্পৰাগত মৃৰংঘৰ নিৰ্মাণ তথা যাৱতীয় পূৰ্ণ প্ৰস্তুতি।

মাজুলীৰ বিভিন্ন গাঁৱৰ লগতে মধ্য মাজুলীৰ ললাদ অপেৰ উদ্যোগত এঘাৰখন গাঁৱে সন্মিলিতভাৱে শিমলুগুৰি গাঁৱত, নামনি চেৰপাই চৃচাং অপেৰ উদ্যোগত নামনি চেৰপাই গাঁৱত কেন্দ্ৰীয়ভাৱে উদ্‌যাপন কৰাৰ প্ৰস্তুতি চলোৱাৰ লগতে উজনি জেংৰাই চাপৰি, নামনি জেংৰাই চাপৰি, বালি চাপৰি, ঠেকেৰাগুৰি, কেঁচাইখোৱা, নামনি আমগুৰি, উজনি আমগুৰি, জেংৰাই গাঁও, নামনি লখিমী, উজনি লখিমী, কুমাৰবাৰীত চাৰিটা চুবুৰী, উজনি বৰপমুৱা, নামনি বৰপমুৱা, মধ্য বৰপমুৱা, বালি বৰপমুৱা, উজনি চেৰপাই, ৰতনপুৰ মিৰি, নামনি গেজেৰা, উজনি গেজেৰা, মোৱামাৰী আদিকে ধৰি মাজুলীৰ প্ৰায় শতাধিক স্হানত উদ্‌যাপন হ'ব মিচিং বুকুৰ আপোনাৰ উৎসৱ আলি আয়ে লৃগাং।

আজি নিশাৰ ভাগত সকলো প্ৰস্তুতি সম্পন্ন কৰাৰ পিছত কাইলৈ পুৱাৰ লগে লগে ডেকা-গাভৰুৱে পৰিধান কৰিবলগা বহুৰঙী পৰম্পৰাগত মিচিং সাজপাৰে শিমলু ফুলৰ লগত এক অন্যন্য মাত্ৰা প্ৰদান কৰাটো নিশ্চিত। বাজি উঠিব দলীয় গোমৰাগ নৃত্য, ঐনিতম, আনু নিঃতম আৰু দঃঞি পঃলঃ সাক্ষীৰ ধ্বনি। ইপিনে কাইলৈ ২০ ফেব্ৰুৱাৰীৰ দিনটো আলি আয়ে লৃগাং উপলক্ষে মাজুলীত স্হানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে মাজুলী জিলা উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই।

Your Comments