গহপুৰত আটক গঁড়ৰ চাৰিজন চোৰাং চিকাৰী 

gohpur_rhino horn_arrest

গহপুৰত আৰক্ষীয়ে শনিবাৰে সন্ধ্যা আটক কৰে গঁড়ৰ খৰ্গসহ চাৰিজন চোৰাং চিকাৰী। বিশ্বনাথৰ ডিএছপি, গহপুৰৰ মহকুমা আৰক্ষী বিষয়া, গহপুৰ থানাৰ আৰক্ষী বিষয়া আৰু বিএছএফৰ অভিযানত গহপুৰৰ দক্ষিনাঞ্চলৰ পৰা আটক কৰে চাৰিজন চোৰাং চিকাৰীক। ধৃত চোৰাং চিকাৰী কেইটাৰ দুটা মিজোৰাম আৰু অৰুণাচলৰ, আন দুটা গহপুৰ ধন্দিপথাৰ আৰু লোহিতমুখ বালিগাঁৱৰ বুলি জানিব পৰা গৈছে।

চোৰাং চিকাৰী কেইটাৰ তিনিটাক ধন্দিপথাৰ আৰু এটাক বালিগাঁৱৰ পৰা আটক কৰে আৰক্ষীয়ে। ধৃত চোৰাং চিকাৰী কেইটা ক্ৰমে মিজোৰামৰ ডি চেইনমেলৰ থংগ, অৰুণাচলৰ মংগবাইফাই, গহপুৰ লোহিতমুখৰ ৰাকেশ পেগু আৰু গহপুৰৰে ধন্দিপথাৰৰ ৰমেশ পেগু। যোৱা ১৫ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অগৰাতলিৰ গঁড় হত্যাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছে চাৰি চোৰাং চিকাৰীক। বিশ্বনাথ আৰু গহপুৰ প্ৰ‌শাসনে চোৰাং চিকাৰী কেইটাক জেৰা চলাই গহপুৰৰ দক্ষিণাঞ্চলত তীব্ৰ অভিযান চলাই আছে।

উল্লেখযোগ্য যে চিকাৰী কেইটাৰ পৰা এটা গঁড়ৰ খৰ্গৰ লগতে এটা বন্দুকো ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে যদিও খৰ্গটো প্ৰকৃততে আচল নে নকল তাক লৈ সন্দেহ প্ৰকাশ কৰিছে।

Your Comments