মমতা বেনাৰ্জীৰ অন্য এক ভণ্ডামি

মমতা বেনাৰ্জীৰ অন্য এক ভণ্ডামি

পশ্চিমবংগৰ মুখ্য মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেতৃ মমতা বেনাৰ্জীয়ে অসমৰ এন আৰ চিৰ প্ৰসংগত যি মন্তব্য প্ৰকাশ কৰিছে ই এক চূড়ান্ত ভণ্ডামিৰ বাহিৰে একো নহয় ৷ এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ লগে লগে ৪০ লক্ষাধিক বঙালী আৰু বিহাৰী লোকক অসমৰ পৰা বহিষ্কাৰ কৰিব বিচৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি সমগ্ৰ দেশতে এক সংঘাতপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিছে মমতা বেনাৰ্জীয়ে ৷ বাংলাদেশ আৰু পাকিস্তান এটা সময়ত ভাৰতৰে অংগ আছিল বুলি মত প্ৰকাশ কৰি সেই অঞ্চলৰ পৰা অহা লোকসকলৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা উচিত নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে ৷ বিদেশী নাগৰিকৰ পক্ষত থিয় হ’বলৈ গৈ তৃণমূলৰ নেতৃগৰাকীয়ে সংসদৰ মজিয়া তেওঁৰ দলৰ সাংসদসকলৰ দ্বাৰা উত্তাল কৰিছে ৷ ভাষিক সম্প্ৰসাৰণবাদী দৃষ্টিভংগীৰে ৰাজনীতি কৰা মমতা বেনাৰ্জীৰ এই আচৰণ ভণ্ডামিৰ বাহিৰে একো নহয় বুলি ৰাজনৈতিক বিশ্লষকসকলে মত প্ৰকাশ কৰিছে ৷

মমতা বেনাৰ্জীৰ অন্য এক ভণ্ডামি

এইগৰাকী মমতা বেনাৰ্জীয়ে ২০০৫ চনৰ ৪ আগষ্টত পশিচমবংগৰ ভোটাৰ তালিকাত বিদেশী নাগৰিকৰ নাম সোমাইছে বুলি সদনৰ মজিয়াত অভিযোগ উত্থাপন কৰিছিল ৷ পশ্চিমবংগত চি পি আই (এম)ৰ নেতৃত্বত চৰকাৰ চলি থকাৰ সময়ত পশ্চিমবংগত অবৈধ বিদেশী নাগৰিকেৰে ভৰি পৰিছে বুলি সদনৰ মজিয়াত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল ৷ সদনৰ অধ্যক্ষৰ আসনৰ কাষলৈ গৈ অগ্নিশৰ্মা ৰূপ ধাৰণ কৰি অধ্যক্ষগৰাকীলৈ কাগজৰ ফাইল অধ্যক্ষগৰাকীৰ গালৈ দলিয়াই দি সদন ত্যাগ কৰিছিল ৷ আজি সেই একেগৰাকী মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ মুখ্য মন্ত্ৰীৰ আসনত বহি অসমত থকা অবৈধ অনুপ্ৰৱেশকাৰীৰ পক্ষত থিয় হোৱাটো এক ভণ্ড ৰাজনীতিকৰ পৰিচায়ক ৷

অসমৰ শান্তিপ্ৰিয় বঙালী সমাজৰ মাজত অশান্তি বিয়পোৱাৰ লক্ষ্যৰে মমতা বেনাৰ্জীয়ে কৰা অতি নিম্নস্তৰৰ ৰাজনীতিক মুকলিভাৱে সকলোৱে প্ৰত্যাহ্বান জনোৱা উচিত বুলি ৰাজনৈতিকভাৱে সচেতন লোকসকলে ক’ব বিচাৰে ৷
 

Your Comments