প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে যুৱ সাংবাদিক সন্থা অসমে আয়োজন কৰে বিশেষ সম্বৰ্ধনা অনুষ্ঠান। আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানটিৰ বিষয়ে যুৱ সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁইয়ে কয় যে যুৱ শক্তি এক অদম্য শক্তি ।
সাংবাদিকতাৰ ক্ষেত্ৰখনত যুৱ সাংবাদিকৰ ভূমিকা আৰু অৰিহণা অতুলনীয় । কিন্তু পৰিতাপৰ বিষয় যে সাময়িক প্ৰেক্ষাপটত সাংবাদিকৰ সুৰক্ষা আৰু ন্যায্প্ৰাপ্তিৰ বিষয়টো অতি আলোচ্য। সেয়েহে ৰাজ্যৰসমূহ সাংবাদিকৰ সুৰক্ষা আৰু ন্যায্যতাৰ লগতে যথোচিত মান্যতাৰ স্বাৰ্থত আত্মপ্ৰকাশ হোৱা যুৱ সাংবাদিক সন্থা, অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে এই সাংবাদিকতাৰ জগতখনৰ লগত জড়িত কিছু ব্যক্তিক আমি আজি সম্বৰ্ধনা জনাম।
তেওঁলোকে মুঠ ৭ জন ব্যক্তিক এই সম্বৰ্ধনা জ্ঞাপন কৰে। তাৰে কুমুদ দাস, দেৱজিৎ তালুকদাৰ, পুলক কুমাৰ ডেকাক 'সংবাদ শিৰোমণি সন্মান, মানস প্ৰতিম ডেকা, ৰশ্মিতা গোস্বামীক 'শ্ৰেষ্ঠ বাতৰি পৰিৱেশক-পৰিৱেশিকা সন্মান', চিত্ৰকমল বেজবৰাক 'বন্যপ্ৰাণী আৰু পৰিৱেশ সংক্ৰান্তীয় সন্মান', প্ৰাঞ্জল প্ৰাণ খাউণ্ডক 'শ্ৰেষ্ঠ যুৱ সাংবাদিক সন্মান' বঁটা প্ৰদান কৰে।
- Log in to post comments
- 15 views