তুলসীবাৰীৰ আই টি আই মুকলি হ'ব কেতিয়া?

তুলসীবাৰীৰ আই টি আই মুকলি হ'ব কেতিয়া ?

ৰঙিয়াৰ তুলসীবাৰীৰ পৰা নাতিদূৰৈৰ মাহতলী গাঁৱত স্থাপন কৰা আই টি আই চেন্টাৰটোৰ আজিও পাঠদান আৰম্ভ নহ' ল। বৰ্তমান এৰাবাৰীলৈ পৰ্যৱসিত হোৱা এই কেন্দ্ৰটো ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা আৰু সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ সংসদীয় সচিব ঘনশ্যাম কলিতাই ২০১৬ চনৰ ১ মাৰ্চৰ দিনা আৰম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে শুভ উদ্ধোধন কৰিছিল। উদ্বোধনীৰ সম্পূৰ্ণ দুটা বছৰ অতিক্ৰম কৰাৰ পিছতো আজিকোপতি কেন্দ্ৰটো সক্ৰিয় হৈ নুঠিল।

ita

আনহাতে, কেন্দ্ৰটোৰ নামত নিৰ্মিত বিশাল ঘৰবিলাক এতিয়া হাবি-জংঘলেৰে পৰিপূৰ্ণ হৈ একো একোটা ভূত বাংলালৈ পৰ্যৱসিত হৈছে। চৰকাৰৰ ৰাজকোষৰ পৰা বৃহৎ ধন খৰচ কৰি কেন্দ্ৰটোৰ নামত পাঁচটাতকৈও অধিক অত্যাধনিক সা-সুবিধাযুক্ত গৃহ নিৰ্মাণ কৰাৰ লগতে সমগ্ৰ ভূমি খণ্ডকে এক বিশাল দেৱালেৰে আগুৰি কেন্দ্ৰটোৰ আভ্যন্তৰীণ আন্তগাঁথনি প্ৰায় সম্পূৰ্ণ কৰি তুলিছিল যদিও কি অজান কাৰণত ৰাজ্য চৰকাৰে উদ্বোধন কৰাৰ পিছতো পাঠদান আৰম্ভ নহ'ল তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। ইফালে নিউজ এএছএনৰ নিজাববীয়া অনুসন্ধানত উন্মোচিত হৈছে কিছু গুৰুত্বপূৰ্ণ দিশ।


আমি পোৱা তথ্যমতে কেন্দ্ৰটোৰ চাৰিটা অসম আৰ্হিৰ বিশাল ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল যদিও ঘৰকেইটাৰ ভিতৰত কোনো আচবাব আৰু কাৰ্যালয়ৰ বাবে লাগতিয়াল সা-সামগ্ৰী ভৰোৱা হোৱা নাছিল।কাৰ্যালয়টোৰ গৃহসমূহ আটোমটোকাৰিকৈ নিৰ্মাণ কৰা হৈছিল যদিও এই পৰ্যন্ত বিজুলী সংযোগৰ কোনো ব্যৱস্থা তাত কৰা হোৱা নাই। উল্লেখ্য যে সমীপৱৰ্তী গাঁওখনলৈকেও বৰ্তমানলৈ কোনো বিদ্যুৎ সংযোগ হোৱা নাই। তৃতীয়তে কেন্দ্ৰটোলৈ অহা-যোৱা কৰা পথছোৱাৰো কোনো উন্নতি পৰিলক্ষিত নহ'ল।

ita

পথছোৱা বৰ্তমানেও  পথাৰৰ আলি সদৃশে হৈ থাকিল। টেলিফোন সংযোগৰ কথা আমি যেনিবা নক' লোৱে। এতিয়া প্ৰশ্ন হ' ল, ইমান অসম্পূৰ্ণ এক আন্তঃগাঁথনিৰে সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ এগৰাকী সংসদীয় সচিব আৰু এগৰাকী সাংসদে কিয় ইমান ঢাকঢোল বজাই অনুষ্ঠানটো শুভ উদ্বোধন কৰিলে সেয়া এই মুহূৰ্তত এক লাখটকীয়া প্ৰশ্ন।

ita

কেৱল ভোটৰ অংকত নে ৰাইজৰ পৰা বাহ-বাহ লোৱাৰ বাবে অসম্পূৰ্ণ আন্তঃগাঁথনিৰে আই আই টি কেন্দ্ৰটো উদ্বোধন কৰিলে সেয়া এতিয়া সকলোৱে বুজি উঠিছে।বৰ্তমানৰ পৰিৱৰ্তনকামী চৰকাৰখনে আজি দুই বছৰ অতিক্ৰম কৰাৰ পিছতো অনুষ্ঠানখনি আৰম্ভ কৰাৰ উদ্যাগ নোলোৱা কথাটোৱেও বৰ্তমান চৰকাৰখনৰ সদিচ্ছাৰ ওপৰত ৰাইজৰ লাহে লাহে সন্দেহ ঘনীভূত হবলৈ ধৰিছে।

একমাত্ৰ ৰাজনৈতিক অঁৰিয়া-অঁৰিৰ বাবে প্ৰচুৰ সম্ভাৱনাপূৰ্ণ অনুষ্ঠান এটাৰ আৰম্ভ নৌহওঁতে জহিখহি যাবলৈ উপক্ৰম হোৱা কথাটোৱে স্থানীয় বাসিন্দাসকলক প্ৰচুৰ মনোকষ্ট দিছে।

Your Comments