অসম ভ্ৰমণৰ প্ৰতিবাদ : মাজুলীত নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ আছুৰ

বিধেয়ক বাতিল, অসম ভ্ৰমণৰ প্ৰতিবাদ : মাজুলীত নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ আছুৰ

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আগমনৰ প্ৰতিবাদত আজি ছাত্র সন্থাই প্ৰধান মন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে অহা ৯ ফেব্ৰুৱাৰীত চৰকাৰী ভ্ৰমণসূচী লৈ আহিবলগা প্ৰধান মন্ত্ৰীগৰাকীয়ে অসমীয়া জাতিৰ অস্তিত্বৰ বিপদাপন্ন কৰিব পৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সপক্ষে স্হিতি গ্ৰহণ কৰাৰ প্ৰতিবাদকল্পে সদৌ অসম ছাত্ৰ সন্থাৰ মাজুলী মহকুমাৰ অন্তৰ্গত জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাই মাজুলী ফুলনি চাৰিআলিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি ৰাজপথ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰক, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্ত মানি লোৱা নহ'ব, হিন্দু বাংলাদেশীৰ বোজা গ্ৰহণ কৰা নহ'ব, এই সংগ্ৰাম চলিছে চলিবই, আমাৰ দাবী মানিবই লাগিব, নৰেন্দ্ৰ মোডী গ'-বেক আদি বিভিন্ন শ্লোগানেৰে ফুলনি চাৰিআলিৰ আকাশ-বতাহ কঁপাই তোলে ছাত্র সন্থাৰ প্ৰতিবাদকাৰীসকলে। এই প্ৰতিবাদী কাৰ্যসূচীস্থলীত মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক বিতোপন শৰ্মাই অংশগ্ৰহণ কৰি শীঘ্ৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবী তোলে।

অন্যথা অসম তথা কেন্দ্ৰীয় চৰকাৰ কোনেও ৰক্ষা নাপাব৷ অসমীয়া জাতিক যদি প্ৰতাৰণা কৰে তেন্তে ইয়াৰ ফল ভোগ কৰিব লাগিব বিজেপি নেতৃত্বতাধীন চৰকাৰখনে৷ লগতে চৰকাৰৰ হঠকাৰী সিদ্ধান্তক শীঘ্ৰে পৰিহাৰ কৰিবলৈ দাবী জনায় ছাত্ৰ সন্থাৰ মাজুলী মহকুমাৰ সম্পাদকগৰাকীয়ে। এই প্ৰতিবাদী কাৰ্যসূচীত জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰুৱা আৰু সম্পাদক অবিনাশ বৰাৰ লগতে বহু ছাত্ৰকৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকি নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবী জনায়।

Your Comments